গৰমে ভংগ কৰিছে ৰেকৰ্ড! আগন্তুক ৪-৫ দিন বৃদ্ধি পাব তাপমান

গৰমে ভংগ কৰিছে ৰেকৰ্ড! আগন্তুক ৪-৫ দিন বৃদ্ধি পাব তাপমান

ডিজিটেল ডেস্কঃ উৎকট গৰমে দহিছে ৰাজ্য। চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ৰাজ্যত অত্যাধিক গৰমে জ্বলা কলা খুৱাইছে সকলোকে।

সোমবাৰে গৰমৰ মাত্ৰা গুৱাহাটী মহানগৰীত ৩৯ ডিগ্ৰী চেলছিয়াছ হয়গৈ। ২০০৯ বৰ্ষৰ পাছত প্ৰথম বাৰৰ বাবে ছেপ্টেম্বৰ মাহৰ গৰমৰ তাপমান ইমান ওপৰলৈ যায়।ইয়াৰোপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৩৫ ডিগ্ৰী চেলছিয়াছৰ ওপৰতে থাকে তাপমান।

আজিও ইয়াৰ ব্যতিক্ৰম নহয়। আজি গুৱাহাটী মহানগৰীত উষ্ণতা প্ৰায় ৩৮ ডিগ্ৰী চেলছিয়াছ। ইয়াৰোপৰি ৰাজ্যৰ অন্যান্য প্ৰান্তত ৩৭ ৰ পৰা ৩৮ ডিগ্ৰী চেলছিয়াছ আছিল তাপমান। প্ৰায় ১৪ বছৰৰ অভিলেখ ছেপ্টেম্বৰ মাহত গৰমে ভংগ কৰিছে ৰেকৰ্ড।

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আগন্তুক ৪-৫ দিন ৰাজ্য গৰমে দহিব। ইয়াৰ মাজতে গৰমৰ বাবে আজি নগাঁৱত এজন লোকৰ মৃত্যু হয়।

উল্লেখ্য যে, গৰমৰ লগতে বিদ্যুতেও জ্বলা কলা খুৱাইছে জনতাক। এফালে গৰম আনফালে লোডশ্বেডিঙৰ ফলত অতিষ্ঠ হৈ পৰিছে জনতা।

গৰমে ভংগ কৰিছে ৰেকৰ্ড! আগন্তুক ৪-৫ দিন বৃদ্ধি পাব তাপমান
কোকৰাঝাৰত ধৰ্ষণকাৰীক ৩০ বছৰৰ কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in