" কংগ্ৰেছৰ বাবে গান্ধী পৰিয়ালহে মুখ্যঃ দেশ, জনসাধাৰণ একেবাৰেই গৌণ"

" কংগ্ৰেছৰ বাবে গান্ধী পৰিয়ালহে মুখ্যঃ  দেশ, জনসাধাৰণ একেবাৰেই গৌণ"

ডিজিটেল ডেস্কঃ অসম প্ৰদেশ বিজেপিয়ে বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত বৃহস্পতিবাৰে আয়োজন কৰে এক সংবাদমেলৰ । সংবাদমেল আয়োজন কৰি অসম প্ৰদেশ বিজেপিয়ে বিৰোধীক তীব্ৰ কটাক্ষ কৰি কংগ্ৰেছ দলৰ সত্যাগ্ৰহ এক ভণ্ডামি বুলি অভিহিত কৰিছে ।

তদুপৰি স্বাধীনোত্তৰ ভাৰতত কংগ্ৰেছ দলে গণতন্ত্ৰক সৰ্বাধিক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ বিজেপিয়ে । ১৯৫৬ চনৰ পৰা আৰম্ভ কৰি ২০১৪ চন পৰ্যন্ত ১১৫ বাৰ ৰাষ্ট্ৰপতি শাসন জাপি কংগ্ৰেছ দলে নিৰ্বাচিত চৰকাৰৰ নেলু চেপাৰ লগতে জনগণৰ মত দানৰ অধিকাৰক ভৰিৰে মোহৰি পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে ।

আজিৰ সংবাদমেল সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই কয় যে, "আদালতৰ ৰায়দানৰ বিৰুদ্ধে সত্যাগ্ৰহ কৰি দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৱে সংবিধান, গণতন্ত্ৰ, ন্যায় ব্যৱস্থা আৰু সংসদক অৱমাননা কৰাই নহয় অস্বীকাৰো কৰিছে । এক কথাত ক'বলৈ হ'লে কংগ্ৰেছৰ বাবে দেশ, জনসাধাৰণ একেবাৰেই গৌণ, গান্ধী পৰিয়ালহে মূল । গান্ধী পৰিয়ালৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই কংগ্ৰেছ দলে সত্যাগ্ৰহ কৰিছে ।"

লগতে মুখপাত্ৰগৰাকীয়ে শেহতীয়া পশ্চিমবংগৰ নিৰ্বাচনকেন্দ্ৰীক হিংসাক লৈ মন্তব্য প্ৰদান কৰি কয় যে, "লোকসভাৰ বিৰোধী দলৰ সভাপতি অধীৰ ৰঞ্জন চৌধুৰীৰ সমষ্টিতে পাঁচজনকৈ কংগ্ৰেছ কৰ্মীক হানি-খুছি হত্যাৰ কৰাৰ খবৰ সমগ্ৰ সংবাদ মাধ্যমে পৰিৱেশন কৰিছে । কিন্তু এই ক্ষেত্ৰত কংগ্ৰেছ দলে নিৰৱতা অৱলম্বন কৰা দেখা গৈছে । কংগ্ৰেছৰ নিৰৱতাই স্পষ্ট কৰে যে দলটোৰ জনসাধাৰণৰ লগত কোনো সম্পৰ্কই নাই । ইয়াৰ পৰিৱৰ্তে সমগ্ৰ দলটো গান্ধী পৰিয়ালৰ নিৰাপত্তাৰক্ষীত পৰিণত হৈছে ।"

ইয়াৰ উপৰি ৰাজীৱ শৰ্মাই কয় যে, "কংগ্ৰেছ দলৰ এটাই কাৰ্যক্ৰম, সেয়া হ'ল গান্ধী পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰা । তেওঁলোকৰ বাবে দেশৰ সমস্যাক বাদ দি গান্ধী পৰিয়ালেই সৰ্বোচ্চ । সেয়ে তেওঁলোকে গান্ধী পৰিয়ালৰ বিৰুদ্ধে মাত মাতিবলৈও কুন্ঠাবোধ কৰা নাই । এই কাৰ্যৰ জৰিয়তে কংগ্ৰেছ দলে নিজৰ স্বৈৰাচাৰী চৰিত্ৰ স্পষ্ট কৰিলে ।" লগতে তেওঁ কয়, "ইন্দিৰা গান্ধীৰ সময়ত দেশৰ জনসাধাৰণে যি একনায়কত্ববাদ দেখা পাইছিল আজিৰ তাৰিখতো কংগ্ৰেছ দল তেনে চৰিত্ৰৰ পৰা মুক্ত নহয় ।"

" কংগ্ৰেছৰ বাবে গান্ধী পৰিয়ালহে মুখ্যঃ  দেশ, জনসাধাৰণ একেবাৰেই গৌণ"
ৰাইডঙীয়া নাহৰহটীয়া বৰনামঘৰত ভাগৱত পাঠ, ব্যাখ্যা অনুষ্ঠান আৰম্ভ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in