উৰিয়ামঘাটত বীৰঙ্গনা সাধনী ক্ৰিকেট কাপ প্ৰতিযোগিতা সম্পন্ন...

ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ জয়াপথাৰ খেলপথাৰত বীৰঙ্গনা সাধনী ক্ৰিকেট কাপ প্ৰতিযোগীতা সম্পন্ন

author-image
Asomiya Pratidin
New Update
উৰিয়ামঘাটত বীৰঙ্গনা সাধনী ক্ৰিকেট কাপ প্ৰতিযোগিতা সম্পন্ন...

উৰিয়ামঘাটত বীৰঙ্গনা সাধনী ক্ৰিকেট কাপ প্ৰতিযোগিতা সম্পন্ন...

ডিজিটেল সংবাদ; উৰিয়ামঘাট: ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ জয়াপথাৰ খেলপথাৰত বীৰঙ্গনা সাধনী ক্ৰিকেট কাপ প্ৰতিযোগীতা সম্পন্ন। উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত হোৱা প্ৰতিযোগিতাখনৰ চুড়ান্ত খেল খন মহাবীৰ লাচিত মূলাৰ সমাজ কল্যান যুৱ সমিতিৰ ক্ৰিকেট দল আৰু ৰানীপুখুৰী ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয়। চুড়ান্ত খেলখনত যুৱ সমিতি ক্ৰিকেট দলটোৱে জয় লাভ কৰে।

Advertisment

উক্ত খেলখনৰ বটাঁ বিতৰনী সভাত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি অভিজিত চুতীয়া,উপদেষ্টা দীপু শইকীয়া, পৰশমনি চুতীয়া, মহাবীৰ লাচিত মূলাৰ সমাজ কল্যান যুৱ সমিতিৰ সভাপতি হেম শইকীয়া,হালধিবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক ভৰতচন্দ্ৰ গগৈ, ৰানীপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰ্সবেশ্বৰ বৰা উপস্থিত থাকে।

আৰু পঢ়ক: কিংবদন্তি ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱা চিকিৎসাধীন...

assam cricket sports