কিংবদন্তি ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱা চিকিৎসাধীন...

শিৱসাগৰ ONGC চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অৰ্জুন ভোগেশ্বৰ বৰুৱা
কিংবদন্তি ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱা চিকিৎসাধীন...
কিংবদন্তি ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱা চিকিৎসাধীন...

ডিজিটেল সংবাদ,শিৱসাগৰ: কিংবদন্তি ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱা শাৰিৰীকভাৱে অসুস্থ। বৰ্তমান শিৱসাগৰ ONGC চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অৰ্জুন ভোগেশ্বৰ বৰুৱা ৷ ৮৬ বছৰীয়া ক্ৰীড়াবিদ গৰাকীক আঠুৰ বিষৰ বাবেই পৰিয়ালৰ লোকে তেল আৰু প্ৰাকৃৰ্তিক গেছ নিগমৰ চিকিৎসালয়খনত ভৰ্তি কৰোৱাবলৈ বাধ্য হয় ৷

উল্লেখ্য যে ঐতিহ্যমণ্ডিত জয়সাগৰৰ নিবাসী ভোগেশ্বৰ বৰুৱাই এসময়ত জয়সাগৰ পুখুৰীৰ পাৰত সীমিত সুবিধাৰ মাজেৰেই অনুশীলন কৰি বিশ্ববাসীক চমকিত কৰি তুলিবলৈ সক্ষম হৈছিল ৷ বৰ্তমান অৰ্জুন ভোগেশ্বৰ বৰুৱাই আঠুৰ বিষৰ বাবেই খোজকাঢ়িব নোৱাৰা হৈ পৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ বিছনাৰ পৰাই অৰ্জুন ভোগেশ্বৰ বৰুৱাই আগন্তুক ডিব্ৰুগড় আৰু হোজাইৰ দুখনকৈ ক্ৰীড়ানুস্থানত অংশ গ্ৰহণ কৰিব নোৱাৰাৰ বাবে আক্ষেপ প্ৰকাশ কৰে৷

ৰাজ্যৰ ইতিহাসৰ অন্যতম কালজয়ী তথা কিংবদন্তি স্বৰূপ ক্ৰীড়াবিদ গৰাকীৰ স্বাস্থ্যৰ বুজ লবলৈ বৰ্তমান সময়ৰ লৈকে কোনো চৰকাৰী বিষয়াৰ লগতে জনপ্ৰতিনিধিয়ে সময়ৰ অৱকাশ পোৱা নাই ৷ আনহাতে নতুন প্ৰজন্মৰ খেলুৱৈ সকলৰ বাবে সাহস, প্ৰেৰণা আৰু আদৰ্শৰ প্ৰতীক অৰ্জুণ ভোগেশ্বৰ বৰুৱাৰ শীঘ্ৰে আশু আৰোগ্য কামনা কৰিছে সৰ্বসাধাৰণ ৰাইজে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in