/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-26/k1juj6zx/275.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : নতুন লেখক -লেখিকা সৃষ্টিৰ অন্যতম হোতা "বিস্ময়"ৰ সম্পাদক, মহিলা আলোচনী "প্ৰিয় সখী"ৰ সম্পাদক, নিষ্ঠাবান সাহিত্যিক শশী ফুকনৰ বিয়োগত ভিন-ভিন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে। এক শোক বাৰ্তাত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য দীপক শৰ্মাই কয়- "আমি হেৰুৱালো এজন সাহিত্যৰ খনিকৰক। তেওঁ নিষ্ঠা আৰু সততাৰে ন-ন লেখক -লেখিকা সৃষ্টিৰ মুখ্য হোতা আছিল। গ্ৰাম্য অঞ্চলৰ প্ৰতিভাবান সাহিত্যিক সকলক তেওঁলোকৰ সৃষ্টি প্ৰকাশৰ ব্যৱস্থা কৰিছিল।"
সম্পাদক ফুকনৰ বিয়োগত অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, অসম জনজাতী সাংস্কৃতিক মহাসভাৰ সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈনে শোক প্ৰকাশ কৰে। একেদৰে মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, সাহিত্য সাধনা মঞ্চ, অসমৰ মুখ্য উপদেষ্টা বিনয় কুমাৰ শৰ্মা আদিও শোক প্ৰকাশ কৰে।
ইফালে পদ্মশ্ৰী প্ৰাপক সাহিত্যিক ড০ ৰোমান শৰ্মা, দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ উপদেষ্টা কমল চন্দ্ৰ মেধি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিৰ মুখ্য আহ্বায়ক মদন দাস, প্ৰবীণ কবি -সাহিত্যিক দুৰ্গা প্ৰসাদ শৰ্মা, জনপ্ৰিয় কন্ঠশিল্পী- গীতিকাৰ ডিজেন কাকতি, বঙৰা শ্ৰীশংকৰদেৱ হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক গৌৰীকান্ত নাথ, পৰাগজ্যোতি প্ৰকাশনৰ হৈ স্বপ্না দেৱী, অসম শিশু সাহিত্য সমাজ, স্বেচ্ছাসেৱী অনুষ্ঠান "ৰং" আদিয়ে প্ৰয়াত ফুকনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ।
Also Read: লৰেঞ্চ বিষ্ণই গেং নহয়! চলমানক ৫কোটি দাবী কৰিছিল এগৰাকী শাক-পাচলি বিক্ৰেতাই...