লৰেঞ্চ বিষ্ণই গেং নহয়! চলমানক ৫কোটি দাবী কৰিছিল এগৰাকী শাক-পাচলি বিক্ৰেতাই...

লৰেঞ্চ বিষ্ণই গেং নহয়! চলমানক ৫কোটি দাবী কৰিছিল এগৰাকী শাক-পাচলি বিক্ৰেতাইহে...

author-image
Asomiya Pratidin
New Update
লৰেঞ্চ বিষ্ণই গেং নহয়! চলমানক ৫কোটি দাবী কৰিছিল এগৰাকী শাক-পাচলি বিক্ৰেতাই...

ডিজিটেল ডেস্কঃ মুম্বাইত বাবা চিদ্দিকীক লৰেঞ্চ বিষ্ণই গেঙে গুলীয়াই হত্যা কৰাৰ পাছতে অভিনেতা চলমান খানৰ জীৱনলৈ আহিছিল বহু ভাবুকি। যাৰ বাবে পূৰ্বতকৈ অধিক নিৰাপত্তা বৃদ্ধি কৰা হৈছিল অভিনেতাগৰাকীৰ। ৱাই প্লাছ সুৰক্ষা বেষ্টনীত থকা চলমান খানক এনে ঘটনাৰ পিছতো লৰেঞ্চ বিষ্ণই গেঙে জীৱন ৰক্ষাৰ বাবে ৫কোটি টকা দাবী কৰিছিল।

Advertisment

যদিহে এই ধনৰাশি নিদিয়ে তেন্তে বাবা চিদ্দিকীতকৈ নৃশংসভাৱে চলমানক হত্যা কৰা হব বুলি ভাবুকি প্ৰদান কৰা হৈছিল। আৰক্ষীয়ে এই ভাবুকিক গুৰুত্ব সহকাৰে লৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। অতি শেহতীয়াকৈ মুম্বাই আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ আঁৰত থকা লোকজনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে, চলমান খানক ৫কোটি টকা দাবী কৰা ব্যক্তিজন লৰেঞ্চ বিষ্ণই গেঙৰ নাছিল।

মুম্বাইৰ এগৰাকী শাক-পাচলি বিক্ৰেতাইহে এই ভাবুকি প্ৰদান কৰিছিল চলমানক। ইতিমধ্যে মুম্বাইৰ ২৪বছৰীয়া শ্বেইখ হুছেইনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। উল্লেখ কৰা প্ৰয়োজন যে, চলমানলৈ ভাবুকি প্ৰদান কৰি এই ভাবুকি সহজভাৱে নল’বলৈ সকিয়নীও প্ৰদান কৰিছিল এইগৰাকী শাক-পাচলি বিক্ৰেতাই।  

লৰেঞ্চ বিষ্ণই