/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/4bc09a3b-7247-4910-bb8c-0a5ba6724487/vantage_circle.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : বিগত ৭ মাৰ্চত গুৱাহাটীৰ ছয়মাইলস্থিত মানৱ সম্পদ সেৱা আগবঢ়োৱা ব্যক্তিগত প্ৰতিষ্ঠান ভেণ্টেজ চাৰ্কোলে আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে সামাজিকভাৱে অনগ্ৰসৰ অঞ্চলৰ মহিলা সকলক বিনামূলীয়াকৈ চেনিটেৰী নেপকিন আৰু পুষ্টিকৰ খাদ্য প্ৰদান কৰাৰ লগতে ঋতুস্ৰাৱ সম্পৰ্কীয় এক সজাগতা অনুষ্ঠানৰ আয়োজন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/a7c0fde4-9071-40b6-9f71-608dc6d2b1cc/WhatsApp_Image_2023_03_08_at_10_53_31_AM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/0563ca5c-5f8f-494a-bb2b-2aa3a20c1570/WhatsApp_Image_2023_03_08_at_10_53_30_AM__1_.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/9c827970-8056-4e1c-84d9-214e462f7e4f/WhatsApp_Image_2023_03_08_at_10_53_30_AM.jpeg)
ঋতুস্ৰাৱ এক প্ৰাকৃতিক তথা স্বাভাৱিক পৰিঘটনা। কিন্তু অসুবিধাগ্ৰস্ত তথা সামাজিকভাৱে অনগ্ৰসৰ অঞ্চলত বসবাস কৰা মহিলাসকলৰ বাবে ই প্ৰায়ে লাজ তথা সংকোচৰ উৎস হৈ পৰে । ঋতুস্ৰাৱৰ বাবে উপযুক্ত পৰিষ্কাৰ-পৰিচ্ছন্ন সামগ্ৰী তথা পুষ্টিকৰ খাদ্যৰ অভাৱত তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয় আৰু সামগ্ৰিক অগ্ৰগতিত বাধাৰ সৃষ্টি হয়। এই সমস্যাৰ সমাধানৰ বাবে ভেণ্টেজ চাৰ্কোলে স্থানীয় বেচৰকাৰী সংস্থা স্নেহালয়া কেন্দ্ৰৰ সহায়ত সামাজিকভাৱে অনগ্ৰসৰ অঞ্চলৰ যি সকল মহিলাক এনে সহায়ৰ অতি প্ৰয়োজন তেওঁলোকক চিনাক্ত কৰে আৰু বিনামূলীয়াকৈ চেনিটেৰী নেপকিন বিতৰণ কৰাৰ লগতে তেওঁলোকৰ সামগ্ৰিক বৃদ্ধি আৰু বিকাশত ইন্ধন যোগাবলৈ প্ৰয়োজনীয় পুষ্টিকৰ আহাৰ প্ৰদান কৰে ।
ভেণ্টেজ চাৰ্কোলৰ সহ-প্ৰতিষ্ঠাপক অঞ্জন পাঠকে এই সন্দৰ্ভত প্ৰকাশ কৰে যে, "সামাজিকভাৱে দায়বদ্ধ এক সংস্থা হিচাপে আমি সমাজৰ সামগ্ৰিক উন্নয়নত সদায় গুৰুত্ব দি আহিছোঁ। আমাৰ মূল লক্ষ্য হৈছে সামাজিকভাৱে অনগ্ৰসৰ অঞ্চলত বসবাস কৰা লোকসকলৰ ঋতুস্ৰাৱক কেন্দ্ৰ কৰি থকা ভুল ধাৰণা আঁতৰ কৰা তথা মহিলা সকলৰ সুস্থ আৰু সমৃদ্ধিশালী জীৱন যাপনৰ বাবে প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰা। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে বিভিন্ন সুবিধাৰ পৰা বঞ্চিত মহিলা সকলক আমি বিনামূলীয়াকৈ চেনিটেৰী নেপকিন আৰু খাদ্য যোগান ধৰিবলৈ পাই খুবেই আনন্দিত। আমাৰ এই পদক্ষেপে যাতে তেওঁলোকৰ জীৱনলৈ ইতিবাচক পৰিবৰ্তন আনে তাৰ বাবে আমি আশাবাদী।'
Also Read: পাকিস্তানেৰে গোপন সম্পৰ্ক ৰক্ষা অসমৰ চাৰি যুৱকৰ, গ্ৰেপ্তাৰ কৰিলে অসম আৰক্ষীয়ে