পাকিস্তানেৰে গোপন সম্পৰ্ক ৰক্ষা অসমৰ চাৰি যুৱকৰ, গ্ৰেপ্তাৰ কৰিলে অসম আৰক্ষীয়ে

পাকিস্তানেৰে গোপন সম্পৰ্ক ৰক্ষা অসমৰ চাৰি যুৱকৰ, গ্ৰেপ্তাৰ কৰিলে অসম আৰক্ষীয়ে

ডিজিটেল সংবাদ, নগাঁও : পাকিস্তানৰ সৈতে গোপনে সম্পৰ্ক ৰক্ষা অসমৰ যুৱকৰ ৷ কেন্দ্ৰীয় অনুসন্ধকাৰী সংস্থাৰ তথ্যৰ ভিত্তিত অসম আৰক্ষীৰ অভিযান ৷ নগাঁও আৰু মৰিগাঁৱত অভিযান ৷ ১৮ টা ম'বাইল ফোন ১৩৬ ছিম কাৰ্ড জব্দ ৷ অসমৰ পৰা পাকিস্তানী এজেণ্টক ম'বাইল ছিম কাৰ্ড যোগানৰ তথ্য ৷

অসম আৰক্ষীয়ে মৰিগাঁও আৰু নগাঁৱত চলাই এই বৃহৎ অভিযান ৷ ৫ সদস্যক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে ৷ ধৃত লোক কেইজন হৈছে ৱাহিদুজ জামান,আছিকুল ইছলাম,বদৰুদ্দিন,মিজানুৰ আৰু বাহাৰুল ইছলাম ৷ জব্দ কৰিছে চি পি উ, স্কেনাৰ আদিকে ধৰি বহু আপত্তিজনক নথি-পত্ৰ ৷ পাকিস্তানী এজেণ্টক ছিম কাৰ্ড যোগানৰ অভিযোগত গ্ৰেপ্তাৰ ৷ কেন্দ্ৰীয় অনুসন্ধকাৰী সংস্থাৰ তথ্যৰ ভিত্তিত এই অভিযান ৷ নগাঁও আৰু মৰিগাঁও জিলাৰ দহজনকৈ ব্যক্তি এই প্ৰক্ৰিয়াত জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷

পাকিস্তানেৰে গোপন সম্পৰ্ক ৰক্ষা অসমৰ চাৰি যুৱকৰ, গ্ৰেপ্তাৰ কৰিলে অসম আৰক্ষীয়ে
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ কানহাৰাত পথ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in