উত্তৰ হয়বৰগাঁও বৰনামঘৰৰ ২০০ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে বৰনামঘৰটোৰ ২০০ বছৰীয়া সমৃদ্ধ ইতিহাসক সশ্ৰদ্ধ স্মৰণ কৰাৰ লগতে

author-image
Asomiya Pratidin
New Update
উত্তৰ হয়বৰগাঁও বৰনামঘৰৰ ২০০ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

ডিজিটেল ডেস্কঃ উত্তৰ হয়বৰগাঁও বৰনামঘৰৰ ২০০ বছৰীয়া প্ৰতিষ্ঠা দিৱস। অনুষ্ঠানত উপস্থিত থাকে তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা। বৃহস্পতিবাৰে নগাঁও জিলাৰ উত্তৰ হয়বৰগাঁও বৰনামঘৰৰ ২০০ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ স্মৰণিকা উন্মোচন আৰু মুকলি সভা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী হাজৰীকা ।

Advertisment

অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে বৰনামঘৰটোৰ ২০০ বছৰীয়া সমৃদ্ধ ইতিহাসক সশ্ৰদ্ধ স্মৰণ কৰাৰ লগতে স্থানীয় ৰাইজক অভিনন্দন জ্ঞাপন কৰে । সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ আৰু দামোদৰদেৱৰ দ্বাৰা প্ৰতিস্থিত নামঘৰ পৰৱৰ্তী সময়ত অসমৰ জাতীয় সংস্কৃতিৰ আধাৰ হৈ পৰা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনত নামঘৰৰ অতুলনীয় ভূমিকাৰ কথা বৰ্ণনা কৰে ।

আনহাতে মহাপুৰুষ দুজনাৰ অৱদানৰ কথা উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে অসমত শংকৰদেৱ আৰু মাধৱদেৱৰ জন্ম নোহোৱা হ'লে ভাওনা, বৰগীত, ভটিমা, সত্ৰীয়া নৃত্য আদি বহুতো সাংস্কৃতিক উপাদানৰ পৰা আমি বঞ্চিত হ'বলগা হ'লহেঁতেন । অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গুৰু দুজনাই প্ৰতিষ্ঠা কৰা নামঘৰত কোনো ধৰণৰ উচ্চ-নীচ আৰু ভেদভাৱৰ স্থান নাই বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে শংকৰদেৱ আৰু মাধৱদেৱে অসমীয়া সংস্কৃতিক সমৃদ্ধি কৰি যিমানখিনি অৱদান আগবঢ়াই গৈছে পৃথিৱীৰ বহু জাতিৰ মাজত সিমানখিনি চহকী সাংস্কৃতিক পৰম্পৰা দেখিবলৈকে পোৱা নাযায় ।

উল্লেখযোগ্য যে ১৮২৩ চনৰ ১৬ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা লাভ কৰা উত্তৰ হয়বৰগাঁও বৰনামঘৰৰ ২০০ সংখ্যক প্ৰতিষ্ঠা দিৱস ১৫ ৰপৰা ১৮ ফেব্ৰুৱাৰীলৈ ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে । আজিৰ অনুষ্ঠানতে মন্ত্ৰী পীযুষ হাজৰীকাই এই উপলক্ষে প্ৰকাশিত "মিলন তীৰ্থ" শীৰ্ষক এখন স্মৰণীকাও উন্মোচন কৰে ।

আনহাতে বৰনামঘৰটোলৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৫ লাখ টকা আগবঢ়োৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই নিজৰপৰাও ২ লাখ টকা আগবঢ়াব বুলি ঘোষণা কৰে । আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে বিধায়কদ্বয় ৰূপক শৰ্মা আৰু জিতু গোস্বামীও উপস্থিত থাকে ।

আৰু পঢ়কঃ গুৱাহাটী উন্নয়ন দপ্তৰৰ ভুলৰ বাবেই গুৱাহাটী প্ৰদূষিত হৈছেঃ অখিল গগৈ

RUPAK SARMA JITU GOSWAMI pijush hazarika