গুৱাহাটী উন্নয়ন দপ্তৰৰ ভুলৰ বাবেই গুৱাহাটী প্ৰদূষিত হৈছেঃ অখিল গগৈ

গুৱাহাটী উন্নয়ন দপ্তৰৰ ভুলৰ বাবেই গুৱাহাটী প্ৰদূষিত হৈছেঃ অখিল গগৈ

ডিজিটেল সংবাদ, কাজিৰঙা : গুৱাহাটী উন্নয়ন দপ্তৰৰ ভুলৰ বাবেই গুৱাহাটীত বাঢ়িছে ধূলিৰ মাত্ৰা ৷ নলা পৰিষ্কাৰৰ নামত প্ৰহসন হৈছে গুৱাহাটীত ৷ তদুপৰি কেৱল কমিছনৰ বাবে নিৰ্মাণ কৰা,অপৰিকল্পিত অভাৰব্ৰীজৰ বাবেই প্ৰদূষণ হৈছে সমগ্ৰ মহানগৰীত ৷

কাজিৰঙাত এই মন্তব্য বিধায়ক অখিল গগৈৰ ৷ লগতে তেঁও কয় যে গুৱাহাটীৰ চাৰিওফালে অবৈধ প্ৰদূষিত উদ্যোগ গঢ় লৈ উঠিছে,ইয়ো প্ৰদূষণৰ অন্যতম কাৰণ বুলি মন্তব্য কৰে ৷ মানুহ সুস্থ ৰূপত জীয়াই থাকিব নোৱাৰা হৈছে গুৱাহাটীত ৷

লগতে উল্লেখ কৰে যে শ্বাস প্ৰশ্বাসজনিত ৰোগে দেখা দিয়াৰ লগতে বহু বেমাৰৰ ধ্বজ্জাবাহক হৈ পৰিছে প্ৰদূষিত গুৱাহাটী ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in