উৎপল বৰাক বিজেপিৰ কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি

উৎপল বৰাক বিজেপিৰ কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি

author-image
Asomiya Pratidin
New Update
উৎপল বৰাক বিজেপিৰ কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি

ডিজিটেল ডেস্ক : বিজেপিৰ কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি নিযুক্তি। তাৎক্ষণিকভাৱে বলবৎ‍ হোৱাকৈ বৃহস্পতিবাৰে বিধায়ক উৎপল বৰাক কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি হিচাপে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে নিযুক্তি প্ৰদান কৰে।

প্রেছ বিবৃতিযোগে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে এই কথা জনায়। ইফালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই দলৰ কাৰ্যকৰ্তা গোলাঘাটৰ দেৱজিৎ বৰা আৰু দক্ষিণ কামৰূপৰ ধনেশ্বৰ তালুকদাৰক ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে নিযুক্তি প্ৰদান কৰে।

Also Read: বজালী কাণ্ড : অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালৰ মাতৃ গৃহত আৰক্ষী-চি আই ডিৰ যৌথ অভিযান

bhabesh kalita bjp Kisan Morcha