/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/51b823ca-c717-4991-83b9-b43b82e2aa62/nnnnnn.jpg)
ডিজিটেল ডেস্ক: নিউ গুৱাহাটী আনন্দ নগৰৰ মহিলা সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী তথা ধৰ্ণপ্ৰাণ মহিলা উষাৰাণী বৰপূজাৰী আৰু নাই। শনিবাৰে দিনৰ প্ৰায় ১১ বজাত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় বৰপূজাৰীৰ।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ। ১৯৮১ চনৰ পৰা মৃত্যুলৈকে তেওঁ সমিতিখনৰ উন্নয়নৰ বাবে দেহে কেহে কাম কৰি গৈছিল।পৰাগ দাস পথৰ বাসিন্দা হোৱাৰ স্বত্বেও তেওঁ নিউ গুৱাহাটীৰ বহু সামাজিক কাম কাজত জড়িত হৈ আছিল।
বৰপূজাৰীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছা পৰিছে। মৃত্যুৰ সময়ত তেওঁ এজন পুত্ৰ, দুজনী জীৰ লগতে নাতি-নাতিনী সহ পৰিয়ালৰ লোকক এৰি যায়।
আৰু পঢ়ক: ন্যুনতম সমৰ্থন মূল্যত ধান ক্ৰয় প্ৰক্ৰিয়াৰ পৰ্যালোচনা মন্ত্ৰী পীযুষৰ