ঊষা মংগেশকাৰলৈ ড॰ ভূপেন হাজৰিকা সমন্বয় বঁটা...

২২ নৱেম্বৰত গুৱাহাটীত প্ৰদান কৰা হ’ব এই বঁটা
ঊষা মংগেশকাৰলৈ ড॰ ভূপেন হাজৰিকা সমন্বয় বঁটা...

ডিজিটেল সংবাদ, গুৱাহাটী : ভাৰতৰ প্ৰখ্যাত গায়িকা ঊষা মংগেশকাৰলৈ এইবাৰ আগ বঢ়োৱা হৈছে অসম সাহিত্য সভাৰ ড॰ ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা-২০২২ ৷ এই বঁটাৰ লগত আছে পাঁচ লাখ টকা, স্মাৰক, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা ৷ অহা ২২ নৱেম্বৰৰ বিয়লি ৪ বজাৰ পৰা গুৱাহাটীৰ নেডফি হাউছ প্ৰেক্ষাগৃহত সাহিত্য সভাৰ সভাপতি ড॰ কুলধৰ শইকীয়া পৌৰোহিত্যত অনুষ্ঠিত হ’ব লগা এক আড়ম্বপূৰ্ণ অনুষ্ঠানত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে এই বঁটা প্ৰদান কৰিব ৷

আজি অসম সাহিত্য সভাৰ গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণি সভাকক্ষত সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই এখন সংবাদ মেলত এই কথা সদৰি কৰে ৷ উল্লেখ্য, নুমলীগড় শোধনাগাৰ লিমিটেডৰ সহযোগত ২০১৩ খ্ৰীষ্টাব্দৰ পৰা প্ৰত্যেক দুবছৰৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰি অহা হৈছে ৷

এই বছৰো নুমলীগড় শোধনাগাৰ লিমিটেডৰ সহযোগত এই বঁটা প্ৰদানৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ৷ প্ৰণিধানযোগ্য যে ড॰ ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা-২০২২-ৰ নিৰ্বাচনৰ বাবে অসম সাহিত্য সভাই এখন নিৰ্বাচনী সমিতি গঠন কৰি দিছিল ৷ এই নিৰ্বাচনী সমিতিয়ে কেবাগৰাকী স্বনামধন্য শিল্পীক বঁটাৰ বাবে মনোনয়ন দিছিল ৷ কিন্তু শেষ মুহূৰ্তত হিন্দী, মাৰাঠী, কানাড়া, নেপালী, ভোজপুৰী, গুজৰাটী আৰু অসমীয়া ভাষাৰ গীততো কণ্ঠদান কৰি সমন্বয়ৰ বাৰ্তা কঢ়িওৱা আৰু ড॰ ভূপেন হাজৰিকাৰ লগত সুসম্পৰ্ক থকা প্ৰখ্যাত গায়িকা ঊষা মংগেশকাৰকেই এই বঁটাৰ বাবে নিৰ্বাচন কৰা হয় ৷

উল্লেখ্য যে অসম সাহিত্য সভাই ড॰ ভূপেন হাজৰিকা আৰু ড॰ মামণি ৰয়চম গোস্বামীৰ পবিত্ৰ সোঁৱৰণত নুমলীগড় শোধনাগাৰ লিমিটেডৰ সহযোগত ড॰ ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা আৰু ড॰ ইন্দিৰা গোস্বামী (মামণি ৰয়চম গোস্বামী) আন্তঃৰাজ্যিক সমন্বয় বঁটা প্ৰদান কৰি আহিছে ৷ ড॰ ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা লাভ কৰা প্ৰখ্যাত ব্যক্তিসকল হ’ল– লুবনা মৰিয়ম (বাংলাদেশ-২০১৩), অদূৰ গোপালকৃষ্ণ (কেৰেলা-২০২৫), প্ৰসন্ন ভিঠানাগে (শ্ৰীলংকা-২০১৭) আৰু এৰিক খু (ছিংগাপুৰ-২০১৯) ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in