চিকিৎসা সেৱা এক মহৎ কামঃ ঊষা মংগেশকাৰ

চিকিৎসা সেৱা এক মহৎ কামঃ ঊষা মংগেশকাৰ

ডিজিটেল ডেস্কঃ শনিবাৰে উত্তৰ পূব কৰ্কট হাস্পতালৰ ৰেডিয়েচনৰ ২য় শাখাৰ আধাৰশিলা স্থাপন কৰে বিশিষ্ট সংগীতশিল্পী ঊষা মংগেশকাৰে। তিনিদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা ঊষা মংগেশকাৰ শনিবাৰে প্ৰায় ৪ঃ৩০ বজাত উত্তৰ পূব কৰ্কট হাস্পতালত উপস্থিত হয়।

আধাৰশিলা স্থাপনৰ পিছতেই প্ৰতিষ্ঠানখনৰ প্ৰেক্ষাগৃহত এক অনুষ্ঠানতো তেখেতে অংশগ্ৰহণ কৰে। প্ৰতিষ্ঠানখনত কৰ্মৰত সকলোকে উদ্দেশ্যি দিয়া ভাষণত তেখেতে কয়, চিকিৎসা সেৱা এক মহৎ সেৱা, কিন্তু কেন্সাৰৰ দৰে ৰোগৰ চিকিৎসা আগবঢ়োৱা কাৰ্য প্ৰশংসনীয়।

ভাষণৰ মাজতেই ঊষা মংগেশকাৰে "অপৰূপা" শীৰ্ষক এটি অসমীয়া গীতৰ দুটি কলিও গুণগুণায়। প্ৰতিষ্ঠানখনৰ অধ্যক্ষ গণেশ তামুলী তথা পৰিচালন সঞ্চালক ডাঃ মুনীন্দ্ৰ নাৰায়ণ বৰুৱাই ঊষা মংগেশকাৰক এখনি ফুলাম গামোচা, এখন চেলেং চাদৰ, এখন শৰাই, এটি ফুলৰ থোপাৰ লগতে অন্যান্য উপহাৰেৰে সম্বৰ্দ্ধনা জনায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in