অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল: জনগোষ্ঠীটোৰ ছাত্ৰ-ছাত্ৰীক উড়িয়া ভাষাত পাঠদানৰ আহ্বান...

তামুলপুৰত অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদে শণিবাৰে তামুলপুৰ প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰে ৷

author-image
Asomiya Pratidin
New Update
অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল: জনগোষ্ঠীটোৰ ছাত্ৰ-ছাত্ৰীক উড়িয়া ভাষাত পাঠদানৰ আহ্বান...

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰত অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদে শণিবাৰে তামুলপুৰ প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেল সম্বোধন কৰি অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি লক্ষ্মীধৰ তাঁতীয়ে অসম চৰকাৰৰ কেবিনেটে শেহেতীয়াকৈ চাওঁতালী ভাষাত প্ৰাথমিক পৰ্যায়ৰ শিক্ষা প্ৰদানৰ বাবে গ্ৰহন কৰা সিদ্ধান্তক আদৰণি জনায় ৷

Advertisment

চাওঁতালী জনবসতি এলেকাত চাওঁতালী ভাষাত শিক্ষা প্ৰদান কৰিলেহে লাভান্বিত হ’ব বুলি মন্তব্য কৰাৰ লগতে উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি গৰাকীয়ে চাহ বাগিছা এলেকাত উড়িয়া ভাষাতো পাঠদান কৰাৰ বাবে আহ্বান জনায় ৷ যিহেতু উড়িয়া সকলৰ নিজস্ব ভাষা আৰু লিপি আছে সেয়ে এই আহ্বান পৰিষদটিৰ৷

আনহাতে অসমৰ চাহবাগিছা সমুহত ৪৫ লাখতকৈ অধিক উড়িয়া জনগোষ্ঠীৰ লোকে বাস কৰে বুলি কৈ উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি গৰাকীয়ে কয় যে, প্ৰাক্ প্ৰাথমিকৰ পৰা প্ৰাথমিকলৈ বিদ্যালয় সমূহত উড়িয়া ভাষাৰ পাঠদান কৰাৰ লগতে শিক্ষক নিযুক্তিৰ দাবী সংগঠনটোৱে বহু দিন আগৰে পৰা কৰি আহিছে ৷

সেই বিষয়ে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদানৰ কথা কৈ তেওঁ কয়, চাহবাগিছা অঞ্চলটোত যিহেতু চাওঁতালী জনগোষ্ঠীৰ লোক বসবাস নকৰে তেনে ক্ষেত্ৰত এটা ভাষাত শিক্ষাগ্ৰহন কৰাত সমস্যাৰ সৃষ্টি হ’ব ৷ গতিকে উড়িয়া ভাষাত পাঠদানৰ ব্যৱস্থা কৰিলেহে ছাত্ৰ ছাত্ৰী সকল উপকৃত হ'ব বুলি মন্তব্য কৰে সংগঠনটোৱে ৷

Also Read: নকল সোণৰ বেহা; জোনমণিৰ অনুসন্ধান সন্দৰ্ভত জনোৱা হোৱা নাছিল ডি জি পিক...

GOVT OF ASSAM