নকল সোণৰ বেহা; জোনমণিৰ অনুসন্ধান সন্দৰ্ভত জনোৱা হোৱা নাছিল ডি জি পিক...

জোনমণি ৰাভাৰ নকল সোণৰ বেহা সন্দৰ্ভত নিজাববীয়া কৈ চলাই থকা তদন্তৰ কথা অসম আৰক্ষীৰ শীৰ্ষ পদাধীকাৰক জনোৱা নাছিল

author-image
Asomiya Pratidin
New Update
এতিয়াৰে পৰা মন গ'লেই যাব নোৱাৰিব বনভোজলৈঃ কঠোৰ অসম আৰক্ষী...

ডিজিটেল ডেস্ক : জোনমণি ৰাভাই নকল সোণৰ বেহা সন্দৰ্ভত নিজাববীয়া কৈ চলাই থকা তদন্তৰ কথা নগাওঁ অথবা লখিমপুৰৰ আৰক্ষী অধীক্ষক ক্ৰমে লীনা দ'লে আৰু বেদান্ত মাধৱ ৰাজখোৱা দুয়োজনে অসম আৰক্ষীৰ শীৰ্ষ পদাধীকাৰক জনোৱা নাছিল। এই গুৰুতৰ অনিয়মৰ কথা শণিবাৰে উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত প্ৰকাশ কৰে সঞ্চালক প্ৰধান জি পি সিঙে। তেওঁ লগতে কয়- যদিহে তেওঁ যথা সময়ত এই বিষয়ে জানিলে হেতেন তেতিয়া হ'লে জোনমণি ৰাভাৰ মৃত্যু অথবা এই ঘটনাক কেন্দ্ৰ কৰি আজিৰ আবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি নহ'ল হেতেন।

Advertisment

এছ আই জোনমণি ৰাভাৰ কাণ্ডৰ তদন্ত চলাই থকা চি আই ডিৰ বিশেষ সঞ্চালকে আহ্বান কৰা সংবাদমেলখনত অসম আৰক্ষী বাহিনীৰ মুৰব্বী জি পি সিঙে লগতে এই কথাও জানিবলৈ দিয়ে যে, দুয়ো গৰাকী আৰক্ষী বিষয়াকে বদলিৰ ব্যৱস্থা কৰা হৈছে আৰু আন পাঁচগৰাকী আৰক্ষী বিষয়াক মুখ্য কাৰ্যালয়ত ক্ল'জ কৰা হৈছে। আনহাতে তেওঁ কয় যে, চি আই ডিয়ে চলাই থকা তদন্তৰ বাবে ঘটনাৰ সন্দৰ্ভত ৰুজু হোৱা চাৰিটা গোচৰৰ ক্ষীপ্ৰ অনুসন্ধান চলাই আছে আৰু প্ৰয়োজনবোধ কৰিলে তদন্তৰ দায়িত্ব চি বি আই লৈ হস্তান্তৰ কৰাৰ প্ৰস্তৱো চৰকাৰক তেওঁ দিছে।

সংবাদমেলৰ জৰিয়তেই অসম আৰক্ষীৰ সমূহ বিষয়া-কৰ্মচাৰীক পৰোক্ষভাৱে এই সকীয়নিও দিয়ে যে, আপোনালোক আইন ৰক্ষাৰ গুৰুত্বপূৰ্ণ দ্বায়িত্বত নিয়োজিত সেয়ে আইন বিৰোধী কোনো কাৰ্যকলাপৰ সৈতে জড়িত নহ'ব।

এই মন্তব্য খোদ আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে সংবাদ মেলত প্ৰকাশ কৰাৰ লগে লগে এতিয়া স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে যে, ইমান এটা গুৰুতৰ বিষয় দুই আৰক্ষী বিষয়াই বিভাগটোৰ মুৰব্বী গৰাকীকেই নজনোৱাৰ কাৰণ কি ? এই কথাইও যেন এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে।

Also Read: শিক্ষা বিভাগৰ অধিসূচনা জাৰি : শিক্ষক-শিক্ষয়িত্রীৰ বাবে ‘ড্রেছ ক’ড’....

GOVT OF ASSAM ASSAM GOVERNMENT