Advertisment

নেট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ উৰিয়ামঘাটৰ সান্তনা বৰাক সম্বৰ্ধনা...

উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই সম্বৰ্ধনা জনায় সান্তনা বৰাক

author-image
Asomiya Pratidin
New Update
নেট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ উৰিয়ামঘাটৰ সান্তনা বৰাক সম্বৰ্ধনা...

uriamghat

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত উৰিয়ামঘাটৰ ২নং লক্ষীপুৰ গাঁৱৰ সদাৰাম বৰা আৰু পূৰৱী বৰাৰ কন্যা সান্ত্বনা বৰাই বিশ্ববিদ্যালয় অনুদান আয়োগ(UGC)-য়ে অনুষ্ঠিত কৰা অসমীয়া বিষয়ৰ নেট (NET) পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ জে.আৰ.এফ (JRF) লাভ কৰিবলৈ সক্ষম হৈছে।

Advertisment

তদুপলক্ষে উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদকসহ এটি প্ৰতিনিধি দলে সান্ত্বনাৰ বাসগৃহত উপস্থিত হৈ এখনি চেলেং, ফুলৰ থোপা আৰু এখনি সম্বৰ্ধনা পত্ৰৰে অভিনন্দন তথা সম্বৰ্ধনা জনায়।

এনেদৰে বাসগৃহত আহি সম্বৰ্ধনা জনোৱাৰ বাবে সান্তনা বৰা আৰু পৰিয়ালবৰ্গই চুতীয়া ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰে।

আৰু পঢ়ক : এফালে ৰাজকীয় অভিষেকৰ প্ৰস্তুতি আনফালে নিৰ্বাচনত পৰাস্ত হোৱাৰ বেদনাত দগ্ধ মুখ্যমন্ত্ৰী...

assam uriamghat