/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/b4da206f-e362-422f-bca0-18f9d9eadbb3/fafafa.jpg)
uriamghat
ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ দৰে লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে ধনশিৰি মহকুমাৰ বিদ্যালয়সমূহত বিভিন্ন কাৰ্যসূচী লোৱা হয়। শেহতীয়াকৈ উৰিয়ামঘাট আৰক্ষী থানাত মহাবীৰ জনাৰ ৪০০ বৰ্ষৰ জন্মজয়ন্তী উপলক্ষে বিশেষ কাৰ্যসূচী লোৱা হয়।
ধনশিৰি মহকুমাৰ অন্তৰ্গত উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰবিন্দ্ৰ বৰবৰুৱাৰ নেতৃত্বত হোৱা অনুষ্ঠানটোত দুটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত প্ৰতিযোগিতাখনত প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।উল্লেখ্য যে স্থান প্ৰাপ্ত প্ৰতিযোগীক মানপত্ৰসহ পুৰস্কাৰ প্ৰদান কৰা হয়।
আৰু পঢ়ক : ড০ শাশ্বতী ৰাভাৰ 'ৰাভা ভাষাৰ গৱেষণা'লৈ আই.আই.টি গুৱাহাটীৰ স্বীকৃতি...