ড০ শাশ্বতী ৰাভাৰ 'ৰাভা ভাষাৰ গৱেষণা'লৈ আই.আই.টি গুৱাহাটীৰ স্বীকৃতি...

ধ্বনিগত দিশত গৱেষণা কৰি ড০ শাশ্বতী ৰাভাই ৰাভা সমাজলৈ এক আশাৰ বাৰ্তা কঢ়িয়াই আনিছে
chaygaon
chaygaon

প্ৰতিদিন সংবাদ, ছয়গাঁও : ভাৰতৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বোচ্চ স্থানত থকা গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT)ত ৰাভা ভাষাৰ লগতে নগালেণ্ডৰ আংগামী আৰু পাশ্চাত্যৰ কোৰিয়ান ভাষাৰ আধুনিক প্ৰযুক্তিগত কলা কৌশল প্ৰয়োগৰ সুবিধাৰ্থে ধ্বনিগত দিশত গৱেষণা কৰি ড০ শাশ্বতী ৰাভাই ৰাভা সমাজলৈ এক আশাৰ বাৰ্তা কঢ়িয়াই আনিছে।

বৰ্তমান বিশ্বত ৰাভাৰ দৰে কম জনসংখ্যাৰ লোকৰ ভাষা অনাদৃত হৈ অকল ঘৰুৱা কথোপকথনতে আৱদ্ধ থকা সময়ত গুগলকে ধৰি ইন্টাৰনেট সেৱা সমূহতো অতি সহজে প্ৰয়োগ কৰিব পৰাকৈ আই আই টি গুৱাহাটীৰ প্ৰয়োগশালাত যোৱা ৬ বছৰ ধৰি ভাৰতৰ প্ৰসিদ্ধ তথ্য প্ৰযুক্তিবিদ প্ৰফেছাৰ এছ আৰ এম প্ৰসন্ন ( কৰ্ণাটকৰ ধাৰৱাদস্থিত আই আই টিৰ অধ্যাপক) আৰু উত্তৰ পূৰ্বাঞ্চলৰ যুৱ ভাষা বিজ্ঞানী ড০ প্ৰিয়াংকু শৰ্মা (আই আই টি গুৱাহাটীৰ অধ্যাপক)ৰ‌ যুটীয়া তত্বাৱধানত গৱেষণা কৰিছিল।

ইয়াৰ পূৰ্বে ড০ শাশ্বতী ৰাভাই আন্তঃৰাষ্ট্ৰীয় বৈদ্যুতিন আৰু বৈদ্যুতিক অভিযান্ত্ৰিক কনফাৰেন্সত ৰাভা ভাষাৰ ধ্বনিতত্বৰ দিশত গৱেষণা পত্ৰ পাঠ কৰাৰ উপৰিও কেইবাখনো আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ গৱেষণা পত্ৰ লিখি দেশ বিদেশৰ পণ্ডিত সকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

শাশ্বতীৰ এই সফলতাই ৰাভা ভাষাৰ বিদ্বৎ সমাজলৈ আনন্দৰ জোৱাৰ কঢ়িয়াই আনিছে। সম্প্ৰতি দেশৰ ভিতৰতে আগশাৰীৰ এটা বাণিজ্যিক প্ৰতিষ্ঠানত কৰ্মৰত ড০ শাশ্বতী ৰাভা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, বিশিষ্ট ভাষাবিদ তথা লোক সংস্কৃতিৰ গৱেষক ড০ উপেন ৰাভা হাকাচাম আৰু শিক্ষয়িত্ৰী মঞ্জুলা ৰাভাৰ কন্যা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in