উৰিয়াগাঁৱত সদৌ অসম ভিত্তিত একক আধুনিক নৃত্য আৰু বিহু নৃত্য প্ৰতিযোগিতা...

উৰিয়াগাঁও পানী যোগান আচঁনিৰ ওচৰত ১০ ডিচেম্বৰত অনুষ্ঠিত হ'ব প্ৰতিযোগিতাখনি
nagaon
nagaon

ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাৰ উৰিয়াগাঁৱত আয়োজন কৰা হৈছে এখনি একক আধুনিক আৰু একক বিহু নৃত্য প্ৰতিযোগিতাৰ ৷ সদৌ অসম ভিত্তিত নৱপ্ৰজন্মৰ এনাজৰী সাংস্কৃতিক গোষ্ঠীয়ে আয়োজন কৰিছে এই প্ৰতিযোগিতাখনি ৷ উৰিয়াগাঁও পানী যোগান আচঁনিৰ ওচৰত ১০ ডিচেম্বৰত অনুষ্ঠিত হ'ব প্ৰতিযোগিতাখনি ৷

সন্ধিয়া ৭ বজাৰ পৰা প্ৰতিযোগিতাখনি অনুষ্ঠিত হ'ব ৷ প্ৰতিযোগিতা খনিত প্ৰথম আঠগৰাকী প্ৰতিযোগিক পুৰস্কৃত কৰা হ'ব ৷ প্ৰথম পুৰস্কাৰ ৫০০১ টকা আৰু ট্ৰফী , দ্বিত্বীয় ৪০০১, তৃতীয় ৩০০১, চতুৰ্থ ২৫০১ , পঞ্চম ২০০১, ষষ্ঠ ১৫০১, সপ্তম ১০০১ আৰু অষ্টম ৭০১ টকা আৰু ট্ৰফীৰে পুৰস্কৃত কৰা হ'ব ৷

ইয়াৰ উপৰিও ৫ গৰাকীক উদগনি বঁটা আৰু ৩ গৰাকীক বিচাৰকৰ বিশেষ বঁটা প্ৰদান কৰা হ'ব বুলি আয়োজক প্ৰনামিকা বনিয়া আৰু শিল্পীকা বৰাই জনাইছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in