ঠিকাভিত্তিক টেট শিক্ষকৰ সমস্যা সমাধানৰ দাবীত শিক্ষা মন্ত্ৰীলৈ স্মাৰক প্ৰেৰণ...

চিৰাং জিলা ঠিকা ভিত্তিক টেট শিক্ষক সন্থাই জিলা উপায়ুক্তৰ জৰিয়তে শিক্ষা মন্ত্ৰীলৈ স্মাৰক প্ৰেৰণ কৰে
btc
btc

ডিজিটেল সংবাদ, চিৰাং : বিটিচি ঠিকা ভিত্তিক টেট শিক্ষকৰ সমস্যা সমাধান কৰাৰ দাবীত বৃহস্পতিবাৰে চিৰাং জিলা ঠিকা ভিত্তিক টেট শিক্ষক সন্থাই জিলা উপায়ুক্তৰ জৰিয়তে শিক্ষা মন্ত্ৰীলৈ স্মাৰক প্ৰেৰণ কৰে ।

শেহতীয়াভাৱে অসম চৰকাৰৰ শিক্ষা বিভাগে Appraisal Appৰ জৰিয়তে নম্বৰৰ ভিত্তিত ঠিকাভিত্তিক শিক্ষকৰ মূল্যাংকন কৰাৰ যি এক ব্যৱস্থা প্ৰণয়ন কৰিবলৈ ওলাইছে সেয়া চুক্তি বিৰোধী পদক্ষেপ বুলি আখ্যা দিয়া হৈছে। সুদীৰ্ঘ বছৰ ধৰি শিক্ষাক্ষেত্ৰত সেৱা আগবঢ়াই অহাৰ পাছতো এনে ধৰণৰ ব্যৱস্থাৰ সন্মুখীন হ'বলগীয়া হোৱাত শিক্ষক সকলে চৰম হতাশা ও অনিশ্চয়তা অনুভৱ কৰি আছে বুলি স্মাৰক প্ৰত্ৰ খনত উল্লেখ কৰা হৈছে ।

বিগত সময়চোৱাত চাকৰি পৰ্যায়ক্রমে নিয়মীয়াকৰণৰ কৰাৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেয়া আজিলৈকে কাৰ্য্যকৰী কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই, আনপিনে ২০২০ চনৰ জুলাই মাহত অসমৰ ৰাজ্যপাল মহোদয়ৰ দ্বাৰা স্বাক্ষৰিত এক অধিসূচনাৰ মৰ্মে ৬০ বছৰলৈ চাকৰি নিৰাপত্তাৰ লগতে সকলো বিভাগীয় সা-সুবিধা প্ৰদানৰ চুক্তি সকলো ঠিকা ভিত্তিক শিক্ষক আৰু চৰকাৰৰ মাজত স্বাক্ষৰিত হৈছিল।

পৰিতাপৰ বিষয় যে ২০১৯ বৰ্ষৰ পৰা পাবলগীয়া মৰগীয়া বানচৰ বকেয়া ধন চৰকাৰে এতিয়ালৈ মোকলাই দিয়া নাই লগতে সেই বকেয়া কেতিয়ালৈ প্ৰদান কৰা হ'ব সেই কথাও স্পষ্টকৈ ক'তো উল্লেখ নাই। এতিয়া শিক্ষা বিভাগে একপক্ষীয় আৰু বৈষম্যমূলক ভাৱে ঠিকা ভিত্তিক শিক্ষক সকলৰ ওপৰত এই মূল্যায়ণৰ ব্যৱস্থা প্ৰয়োগ কৰিবলৈ যো-জা চলোৱাটো বিষয়টো উচিত সিদ্ধান্ত হোৱা নাই বুলি স্মাৰক পত্ৰ খনত উল্লেখ কৰা হৈছে ।

সেয়ে সদৌ বিটিচি সৰ্বশিক্ষাৰ ঠিকাভিত্তিক শিক্ষক সন্থাৰ চিৰাং জিলা সমিতিয়ে প্রাথমিক টেট উত্তীর্ণ ঠিকাভিত্তিক শিক্ষক সকলৰ চাকৰি বিনাচৰ্তে নিয়মীয়াকৰণ কৰা, Annual Appraisal ৰ নম্বৰৰ ভিত্তি বাতিলকৰণ আৰু ৪ বছৰে অনাদায় হৈ থকা মৰগীয়া বানচৰ বকেয়া অনতিপলমে মোকলাই দিয়াৰ ব্যৱস্থা কৰাৰ দাবী সম্বলিত এখন স্মাৰক জিলা উপায়ুক্তৰ জড়িয়তে অসমৰ শিক্ষা মন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in