কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ৮৮১ স্থানত নামৰূপৰ মানস জ্যোতি দাস

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ৮৮১ স্থানত  নামৰূপৰ মানস জ্যোতি দাস

ডিজিটেল সংবাদ, নামৰূপঃ সদ্যঘোষিত কেন্দ্রীয় লোকসেৱা আয়োগ ২০২৩ৰ ফলাফলত উজলিল নামৰূপৰ মানসজ্যোতি দাস। ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত ৮৮১ স্থান দখল কৰি নামৰূপৰ মুকুন্দ দাস আৰু ৰীতা গগৈ দাসৰ পুত্ৰ  মানস জ্যোতি দাসে নামৰূপলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।  

নামৰূপ চহৰৰ পৰা প্ৰায় ১ কি. মি.নিলগত অৱস্থিত কমাৰগাঁৱৰ লোহাৰ দলঙৰ নিবাসী  মানসজ্যোতি দাস গ্ৰাম্যাঞ্চল দিৰিয়াল গাঁৱৰ সৰু খেৰেমীয়া মজলীয়া বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষাগ্ৰহণ কৰে। ইয়াৰ পিছৰ পৰ্যায়ত বি ভি এফ চি এল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সকলো বিষয়তে লেটাৰ নম্বৰ লৈ ক্ৰমে ২০১০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ২০১২ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়।  

২০১৬ চনত যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰে মেধাৱী ছাত্ৰগৰাকীয়ে । অন্যহাতে, ২০২২ চনত  APSC পৰীক্ষাত ৬৭ সংখ্যক স্থানত উৰ্ত্তীৰ্ণ হৈ সম্প্ৰতি তেওঁ লখিমপুৰ জিলাত আয়ুক্ত হিচাপে নিয়োজিত হৈ আছে । 

আজি কেন্দ্রীয় লোকসেৱা আয়োগৰ ফলাফল ঘোষণা হোৱাৰ পিছতে লখিমপুৰত   কৰ্মৰত মানস জ্যোতি দাসে কয় যে গ্ৰাম্যাঞ্চলৰ এখন প্ৰাথমিক বিদ্যালয় আৰু অসমীয়া মাধ্যমৰ হাইস্কুলৰ পৰা শিক্ষাগ্ৰহণ কৰি  উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভৰি দি তেওঁৰ দেশৰ অসামৰিক সেৱা ক্ষেত্ৰখনৰ ওপৰত কোনো সাৱলীল জ্ঞান নাছিল। ইঞ্জিনিয়াৰিং পঢ়ি থকা কালৰ পৰা হে তেওঁ ক্ষেত্ৰখনৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলি জানিবলৈ দিয়ে ।

আনহাতে অসমীয়া মাধ্যমত অধ্যয়ন কৰা মানস জ্যোতি দাসে কয় যে ভাষা শিক্ষাৰ কেতিয়াও অন্তৰায় হ'ব নোৱাৰে। ইংৰাজী ভাষাৰ ওপৰত গুৰুত্ব দিব লাগিব যদিও মাতৃভাষাই শিক্ষণৰ ক্ষেত্ৰত সহায়ক বুলি মন্তব্য কৰে।

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ৮৮১ স্থানত  নামৰূপৰ মানস জ্যোতি দাস
জামুগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে ৰশ্মি ৰেখা ডেকাই

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in