/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/031a8120-f523-4f3e-a763-f352bd3d57d5/hslc.jpg)
ডিজিটেল সংবাদ,বেবেজীয়াঃ দৰিদ্ৰতা বা অভাৱ অন্তৰায় হ'ব নোৱাৰে । এই বাণী সত্যত প্ৰতিপন্ন কৰিলে নগাঁও জিলাৰ জামুগুৰি নিবাসী তথা মিস্ত্ৰী ডম্বৰু ডেকা আৰু মমী ডেকাৰ কন্যা ৰশ্মি ৰেখা ডেকাই।
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬ টা বিষয়ত লেটাৰ নম্বৰৰে ডিষ্ট্ৰিংচনসহ মুঠ ৫৫০ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মেধাৱী ছাত্ৰী ৰশ্মি ৰেখা ডেকাই। ছাত্ৰীগৰাকীৰ এই সাফল্যত গাঁৱখনত এক আনন্দমুখৰ পৰিৱেশৱ সৃষ্টি হয়।
ৰাজমিস্ত্ৰী হিচাপে কাম কৰি পৰিয়ালটোক পোহপাল দি অতি কষ্টৰে নিজ কন্য়াক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত প্ৰেৰণা যোগাইছিল পিতৃ ডম্বৰু ডেকাই। বেবেজীয়া ভোগেশ্বৰ হাজৰিকা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৰশ্মি ৰেখাই পৰীক্ষাত অৱৰ্তীৰ্ণ হৈ ইংৰাজীত ৯৬,অসমীয়াত ৯৭,সাধাৰণ গণিতত ৮৪,সাধাৰণ বিজ্ঞানত ৯০,সমাজ বিজ্ঞানত ৯০ আৰু হিন্দীত ৯৩ নম্বৰৰে মুঠ ৯২ শতাংশ নম্বৰ লাভ কৰে।
উল্লেখযোগ্য যে ছাত্রীগৰাকীয়ে শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল।উৰুখা পজাত থাকি ন্যূনতম সুবিধাৰে শিক্ষা গ্ৰহণ কৰা ছাত্রীগৰাকীৰ নাছিল কোনো ঘৰুৱা শিক্ষক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/022f458b-bf00-4dae-998c-4b66faf7d819/0ff586de_5f84_4844_a1ef_c40de9a556ec.jpg)
সংবাদ মাধ্যমৰ আগত ৰশ্মি ৰেখাই উল্লেখ কৰে যে, বৰ্তমান তেওঁ বেবেজীয়া ভোগেশ্বৰ হাজৰিকা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলা শাখাত অধ্যয়ন কৰিবলৈ বিচােৰ।ভৱিষ্যতে তেওঁ এগৰাকী প্ৰশাসনিক বিষয়াহৈ সমাজৰ সেৱা কৰাৰ মন। ছাত্রীগৰাকী এই সপোন সাৰ্থক হোৱাৰ বাবে শুভাকাঙ্খীসকলে শুভেচ্ছা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/e92db4d3-19b7-4ba1-afff-4b4ff7db58e0/663a6f1d_6b9d_4b50_a104_c65cbbea77fc.jpg)
আনহাতে,বেবেজীয়া অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান আৰ্য জাতীয় বিদ্যালয়ে পূৰ্বৰ দৰে এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ শতাংশ উত্তীৰ্ণৰ সফলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/b68bab7c-c1f5-4738-9b13-e866c1f969cb/f37e7fee_aacc_42d9_8d08_f8f782e375a9.jpg)
Also Read: কোকৰাঝাৰ লায়ন্স ক্লাৱ গ্ৰেটাৰৰ উদ্যোগত ৰক্তদান শিবিৰ