৩২০ নম্বৰ স্থানত UPSC ত উজ্বলিল তেজপুৰৰ ইশ্বৰী ডেকা

৩২০ নম্বৰ স্থানত UPSC ত উজ্বলিল তেজপুৰৰ ইশ্বৰী ডেকা

ডিজিটেল ডেস্কঃ সদ্য ঘোষিত ইউপিএছচি চূড়ান্ত পৰীক্ষাত অসমৰ ৫ জন শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ৰঙাপাৰা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ড০ ৰমেন্দ্ৰ মোহন ডেকাৰ কন্যা ইশ্বৰী ডেকাই ৩২০ নম্বৰ স্থান লাভ কৰিছে।

তেজপুৰৰ কন্যা ইশ্বৰীৰ এই সাফল্যত গৌৰৱান্বিত অসম তথা তেজপুৰবাসী। ইশ্বৰীৰ এই সাফল্যৰ বাবে অভিনন্দ জ্ঞাপন কৰিছে বিভিন্নজনে।

উল্লেখ্য যে, ২০২৩ বৰ্ষত অনুষ্ঠিত হোৱা ইউপিএছচি পৰীক্ষাত মুঠ ১০১৬ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। UPSC ৰ ৱেবচাইটত ঘোষণা কৰা হৈছে ফলাফলসমূহ ।

৩২০ নম্বৰ স্থানত UPSC ত উজ্বলিল তেজপুৰৰ ইশ্বৰী ডেকা
UPSCৰ ফলাফল ঘোষণাঃ শীৰ্ষত উজ্বলিল আদিত্য শ্ৰীবাস্তৱ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in