গুৰুতৰভাৱে অসুস্থ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ

কোচবিহাৰৰ মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত বৰ্তমান গুৰুতৰভাৱে অসুস্থ হৈ অতি সংকটজনক অৱস্থাত কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

author-image
Asomiya Pratidin
New Update
গুৰুতৰভাৱে অসুস্থ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ

ডিজিটেল সংবাদ, গুৱাহাটী : কোচবিহাৰৰ মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত বৰ্তমান গুৰুতৰভাৱে অসুস্থ হৈ অতি সংকটজনক অৱস্থাত কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Advertisment

মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে, সত্ৰাধিকাৰগৰাকীয়ে অতি সম্প্ৰতি স্মৃতিশক্তি প্ৰায় হেৰুৱাই পেলোৱাৰ লগতে শ্ৰৱণ শক্তিও হেৰুওৱাৰ উপক্ৰম হৈছে। চিকিৎসালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে চিকিৎসকৰ কেৱল নিৰৱিচ্ছিন্ন পৰ্যবেক্ষণৰ জৰিয়তে সত্ৰাধিকাৰগৰাকীৰ স্বাস্থ্য সুস্থিৰ অৱস্থাত ৰাখিব পৰা গৈছে।

মধুপুৰ সত্ৰ সমিতিয়ে সত্ৰাধিকাৰগৰাকীৰ আশু আৰোগ্য কামনা কৰি ভক্তপ্ৰাণ ৰাইজক সত্ৰাধিকাৰগৰাকীৰ দ্ৰুত আৰোগ্যৰ বাবে ভগৱানকৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে সত্ৰ সমিতিৰ তৎপৰতাত অসমৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাই সত্ৰাধিকাৰগৰাকীৰ সমস্ত চিকিৎসাৰ ব্যয় বহন কৰিছে।

আৰু পঢ়ক : ৰাজ্যিক বাজেটৰ কেৱল ৫৬.৩৪% পুঁজিহে ব্যয় ডিচেম্বৰ মাহলৈ...

himanta biswa sarma madhupur satra