অৰুণ ৰায়ৰ যোগদানে ইউপিপিএল দলক শক্তিশালী কৰি তুলিবঃ প্ৰমোদ বড়ো

অৰুণ ৰায়ৰ যোগদানে ইউপিপিএল দলক শক্তিশালী কৰি তুলিবঃ প্ৰমোদ বড়ো

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ আক্ৰাছুৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি অৰুণ ৰায় শুকুৰবাৰে আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰিছে। কোকৰাঝাৰস্থিত ইউপিপিএল দলৰ মুখ্য কাৰ্যালয়ত ইউপিপিএল দলৰ সভাপতি তথা বিটিচি প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত অৰুণ ৰায়ে আনুষ্ঠানিকভাৱে যোগদান কৰে।

৩২গৰাকী সমৰ্থকক লৈ সমদল কৰি অৰুণ ৰায় ইউপিপিএল দলৰ কাৰ্যালয়ত উপস্থিত হয় আৰু ইউপিপিএল দলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে আৰনাই , দলীয় প্ৰতীক চিহ্নৰে আদৰণি জনায়। তেওঁৰ লগতে যোগদান কৰা আন ৩২গৰাকী সদস্যকো আৰনাই , ইউপিপিএলৰ দলীয় প্ৰতীক চিহ্নৰে আদৰণি জনোৱা হয় ।

ইপিনে ইউপিপিএল দলত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পিছত আক্ৰাছুৰ প্ৰাক্তন সভাপতি অৰুণ ৰায়ে কয় যে কোচ ৰাজবংশী জনগোষ্ঠী অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক সমস্যাৰে জৰ্জৰিত। সমস্যাসমুহ সমাধানৰ বাবে ৰাজনীতিৰ প্ৰয়োজন আছে আৰু সেয়েহে আঞ্চলিকতাবাদৰ ওপৰত আস্থা ৰাখি আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰাৰ কথা সদৰি কৰিছে অৰুণ ৰায়ে। তেওঁ কোচ -ৰাজবংশীৰ সমস্যা সমাধানৰ বাবে ফলপ্ৰসু আলোচনা অনুষ্ঠিত হ'ব বুলিও আশা ব্যাক্ত কৰিছে। শান্তি, ভাতৃত্ববোধ আৰু সমন্বয়েৰে সুস্থ্য সমাজ গঠনত অগ্ৰাধিকাৰ দিয়াৰ পোষকতা কৰি অৰুণ ৰায়ে বড়ো অবড়োৰ ভুল বুজাবুজিৰো ইমানতে অন্ত পৰিব বুলি আশা প্ৰকাশ কৰিছে। তদুপৰি ৰাজবংশী ভাষা প্ৰাথমিক পৰ্যায়লৈকে শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিয়াৰ বাবে বিটিচি প্ৰধান প্ৰমোদ বড়োৰ সহায়-সহযোগিতা কামনা কৰিছে অৰুণ ৰায়ে ।

আক্ৰাছুৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি অৰুণ ৰায়ক ইউপিপিএল দললৈ আনুষ্ঠানিকভাৱে আদৰণি জনাই ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে কয় যে অৰুণ ৰায় এজন শক্তিশালী নেতা আৰু তেওঁৰ যোগদানে ইউপিপিএল দলক শক্তিশালী কৰি তুলিব । কোচ-ৰাজবংশী জনগোষ্ঠীৰ উন্নয়ন, মাটি বাৰীৰ সমস্যা সমাধানত এখোজ আগবাঢ়িল বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে। সকলো জাতি-জনগোষ্ঠীক লৈ ইউপিপিএল দল আগবাঢ়ি যাব বুলি মন্তব্য কৰি তেওঁ কয় যে বিটিআৰ শান্তি চুক্তি হোৱাৰ পিছত সকলোৱে উদাৰ মন লৈ ওলাই আহিছে। এক সুন্দৰ বিটিআৰ গঢ়াৰ অঙ্গীকাৰ কৰি প্ৰমোদ বড়োৱে চাৰিটা দশকৰ পিছত ঘূৰি অহা শান্তিৰ বাতাবৰণ, সুস্থিৰ সমাজ ধৰি ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে।

কোচ ৰাজবংশীৰ জনজাতিকৰণ আৰু কমতাপুৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ সাংবিধানিক বিষয় বুলি মন্তব্য কৰিছে। তদুপৰি অহা ১৬-১৮ এপ্ৰিলত ইউপিপিএল দলে মনোনয়ন পত্ৰ দাখিল কৰিব বুলি সদৰি কৰিছে। উল্লেখ্য যে আজি যোগদান সভাত বিধায়ক লৰেঞ্চ ইছলাৰী, ইউপিপিএলৰ দলৰ সাধাৰণ সম্পাদক তথা বিটিচিৰ মনোনিত সদস্য মাধৱ ছেত্ৰী, প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী উপস্থিত আছিল ।

অৰুণ ৰায়ৰ যোগদানে ইউপিপিএল দলক শক্তিশালী কৰি তুলিবঃ প্ৰমোদ বড়ো
বিশ্বনাথত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in