/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/c5b14338-239c-48d1-a158-0b5410f7fb45/53.jpg)
ডিজিটেল সংবাদ,বিশ্বনাথ : 'কা' আন্দোলন হ'ল, ২কোটি মানুহ আহিব বুলি ক'লে এজনো নাহিল। 'কা' আন্দোলন যে ফাঁকি আছিল লুৰীণজ্যোতি গগৈ,অখিল গগৈ আৰু গৌৰৱ গগৈয়ে মানি ল'ব লাগে আৰু শ্বহীদ পৰিয়ালৰ ঘৰলৈ গৈ ক্ষমা খুজিব লাগে।
অসমত আৰু আবেগৰ ৰাজনীতি নকৰো বুলি প্ৰতিজ্ঞা কৰিব লাগে। নহ'লে মই কৰাই দিম । দুই চাৰি দিন চাই লওঁ। নহ'লে যিসকলে এই আন্দোলন কৰিছিল তেঁওলোকৰ ওপৰত murder cash কৰাই দিম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
শুকুৰবাৰে বিশ্বনাথত বিজয় সংকল্প যাত্ৰা নামেৰে আয়োজিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে 'কা' আন্দোলন সন্দৰ্ভত পুনৰ কয় যে, সত্য ৰূপত আন্দোলন কৰিলে কেছ নহয়। কিন্তু অসত্য ৰূপত কৰিলেতো কেছ হ'ব। লগতে সংবাদ মাধ্যমত প্ৰচাৰ আৰু প্ৰকাশ হোৱা বাতৰিবোৰ এভিদেঞ্চ হিচাপে ল'ব বুলিও মন্তব্য কৰে।
ইফালে শোণিতপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু সন্দৰ্ভত কয় যে নিজে কেতিয়াও কংগ্ৰেছক ভোট দি নোপোৱা এজন এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী। কোনো নাম কোৱা নাই যদিও সকলোয়ে জানে যে, তেঁও আগতে বিজেপিকে সহায় কৰিছিল। এইবাৰ নিজে উঠিছে যেতিয়া নিজৰ ভোটটো ল'ব বুলি পৰোক্ষভাৱে শোণিতপুৰৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীলৈ আঙুলি টোৱাই।
আনহাতে শনিবাৰে পাঞ্জাবৰ মুখ্যমন্ত্ৰী বিশ্বনাথলৈ আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা সন্দৰ্ভত কয়- পাঞ্জাবৰ মুখ্যমন্ত্ৰী আহিব বিশ্বনাথলৈ । তেঁও আহি বিশ্বনাথত পৰিৱেশ চাব। চাহপাত গছ-গছনি চাব। আমাৰ ৰাইজক চালে বহু ভাল পাব কিয়নো পাঞ্জাৱৰ লগত আমাৰ বহু পাৰ্থক্য আছে।
উল্লেখযোগ্য যে আজি বিশ্বনাথৰ সাধাৰু খেলপথাৰত অনুষ্ঠিত বিজেপিৰ বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে যে, অসমত এতিয়া দুটা উৎসৱ। এটা হ'ল আমাৰ জাতীয় উৎসৱ। পিছৰটো নিৰ্বাচন। গণতন্ত্ৰৰ উৎসৱ। দুয়োটা উৎসৱলৈ ড০ শৰ্মাই শুভেচ্ছা জনায়।
আনহাতে এইবছৰত ৫০ হাজাৰ চাকৰি পাব বুলি উল্লেখ কৰি আশীৰ্বাদ আৰু ভিটামিন দি থাকিলে আৰু কৰি থাকিম বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰুণোদয় দিলে পিঠা বনাই খুৱাব লাগিব আৰু নৰেন্দ্ৰ মোডীক ভোট দিবলৈ কৈ কোনো বাচ-বিচাৰ নোহোৱাকৈ ৰেচন কাৰ্ড থকা সকলোৱে অৰুণোদয় পাব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে।
Also Read: ৰঞ্জিত দত্ত কেলেংকাৰী কৰা মানুহঃ বামপন্থী নেতা বিবেক দাস
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us