কাজলগাঁৱত ইউপিপিএলৰ কাৰ্য্যালয় উদ্বোধন

কাজলগাঁৱত ইউপিপিএলৰ কাৰ্য্যালয় উদ্বোধন

author-image
Asomiya Pratidin
New Update
কাজলগাঁৱত ইউপিপিএলৰ কাৰ্য্যালয় উদ্বোধন

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ কাজলগাঁৱত ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী এনডিএ তথা ইউপিপিএল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্য্যালয় উদ্বোধন কৰা হয় । আতচবাজী, নৃত্য-গীতৰ এক উৎসৱমুখৰ পৰিৱেশৰ মাজত ইউপিপিএল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ উপস্থিতিত ১৯ নং চিদলী-চিৰাং বিধানসভা সমষ্টি ভিত্তিক নিৰ্বাচনী পৰিচালনা সমিতি কাৰ্য্যালয় উদ্বোধন কৰে বিটিআৰৰ ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ পাৰিষদ ছাইখং বসুমতাৰীয়ে।

Advertisment

কাজলগাঁৱৰ সত্ৰ ন্যায়াধীশ আদালতৰ নিচেই কাষতে নতুনকৈ স্থাপন নিৰ্বাচনী পৰিচালনা সমিতিৰ উদ্বোধনী অনুষ্ঠানত মিত্ৰজোঁট দলৰ হৈ উপস্থিত থাকে বিজেপিৰ চিৰাং জিলা সমিতিৰ সভাপতি ৰতন ৰায়, অসম গণ পৰিষদৰ জিলা সভাপতি কৰেণ দাস আৰু ইউপিপিএল দলৰ জিলা সভাপতি নিৰ্মল কুমাৰ ব্ৰহ্মই নিজ নিজ দলৰ দলীয় পতাকা উত্তোলন কৰে । নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্য্যালয় উদ্বোধন উপলক্ষ্যে আয়োজিত সভাত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ইউপিপিএল, বিজেপি আৰু এজিপিৰ দলীয় নেতা কৰ্মীসকলে উষ্ণ আদৰণি জনোৱা হয় ।

Also Read: অৱসৰপ্ৰাপ্ত অধ্যাপিকা মিনি দেৱীৰ বিয়োগ

loksabha election uppl chirang