অৱসৰপ্ৰাপ্ত অধ্যাপিকা মিনি দেৱীৰ বিয়োগ

অৱসৰপ্ৰাপ্ত অধ্যাপিকা মিনি দেৱীৰ বিয়োগ

author-image
Asomiya Pratidin
New Update
অৱসৰপ্ৰাপ্ত অধ্যাপিকা মিনি দেৱীৰ বিয়োগ

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপিকা তথা উপাধ্যক্ষা মিনি দেৱীৰ (৬০) এক জটিল ৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্ৰাপ্তি ঘটে। প্ৰয়াত মিনি দেৱী কামপুৰৰ সমাজ জীৱনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত থকাৰ লগতে এগৰাকী সৰবৰাহী মহিলা হিচাপে পৰিচিত আছিল। অসমীয়া ভাষা সাহিত্যত দখল থকা মিনি দেৱীয়ে কামপুৰ অঞ্চলৰ সকলো শ্ৰেণীৰ লোকৰ মাজত সু সম্পৰ্ক ৰক্ষা কৰি চলিছিল।

Advertisment

কামপুৰৰ শৈক্ষিক উন্নয়নৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহন কৰি অহা মিনি দেৱীৰ বিয়োগৰ খবৰ পোৱা মাত্ৰকে শনিবাৰে পুৱা যথেষ্ট সংখ্যক গুণমুগ্ধ লোক তেখেতৰ বাসগৃহত উপস্থিত হৈ নশ্বৰ দেহত অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শিক্ষাব্ৰতি মিনি দেৱীৰ মৃত্যুত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, কামপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড°অসীম বৰা,মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ একতা সভা, বিশিষ্ট যুৱ সমাজকৰ্মী বাবুল বৰা, কামপুৰ শাখা সাহিত্য সভা,নগাঁও জিলা কবি সন্মিলন, কামপুৰ সাহিত্য কানন, কামপুৰ উন্নতি সাধিনী সভা, আৰোহণ গোষ্ঠী, কামপুৰ প্ৰেছক্লাৱ,কচুৱা প্ৰেছক্লাৱকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।

মৃত্যুৰ সময়ত প্ৰয়াত মিনি দেৱীয়ে স্বামী সাহিত্যিক সুৰেন শৰ্মা আৰু এগৰাকী পুত্ৰৰ লগতে যথেষ্ট সংখ্যক আত্মীয় স্বজন ইহ সংসাৰত এৰি থৈ যায়।

Also Read: শিক্ষক পবিত্ৰ কুমাৰ শইকীয়াৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান