ভূপেন বৰাক উভতি ধৰিলে ইউপিপিএলৰ সাধাৰণ সম্পাদক মাধৱ ছেত্ৰীয়ে...

বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ওপৰত উত্থাপন কৰা অভিযোগৰ প্ৰমাণ দিব নোৱাৰিলে আইনৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ...
ভূপেন বৰাক উভতি ধৰিলে ইউপিপিএলৰ সাধাৰণ সম্পাদক মাধৱ ছেত্ৰীয়ে...
Published on
Updated on

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই শুকুৰবাৰে কোকৰাঝাৰত এক দলীয় সভাত অংশগ্ৰহণ কৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ এতিয়া শ্লোগান ডিভাইড মানি ৫০/৫০ বুলি কটাক্ষ কৰে। ইয়াৰ পাছতে ইউপিপিএল দলৰ সাধাৰণ সম্পাদক তথা পাৰিষদ মাধৱ ছেত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

কোকৰাঝাৰ চহৰৰ ইউপিপিএল দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত মাধৱ ছেত্ৰীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে- অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই যি মন্তব্য আগবঢ়াইছে সেয়া ভিত্তিহীন তথা প্ৰমাণ নথকা ৷ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ওপৰত যি অভিযোগ আনিছে সেয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে ৷

ভূপেন বৰাই যদি উক্ত অভিযোগ তথ্য সহকাৰে প্ৰমাণ দিব নোৱাৰে তেন্তে ইউপিপিএল দলে আইনৰ দ্বাৰস্থ হ'ব বুলি সকিয়নি দিয়ে মাধৱ ছেত্ৰীয়ে ৷ ভূপেন বৰাই অভিযোগ কৰাৰ দৰে ইউপিপিএল দল কাৰো পকেটত নাথাকে বৰঞ্চ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত অঞ্চলটোত উন্নয়নৰ বাবে কাম কৰি থকা হৈছে ৷ এসময়ত হত্যা-হিংসাৰে জৰ্জৰিত অঞ্চলটোত সম্প্ৰতি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে শান্তিৰে বসবাস কৰি আছে বুলি মন্তব্য ইউপিপিএল দলৰ সাধাৰণ সম্পাদক মাধৱ ছেত্ৰীৰ ৷

উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই শুকুৰবাৰে কোকৰাঝাৰত বিটিআৰ প্ৰধান বড়োক তীব্ৰ সমালোচনা কৰি প্ৰমোদ বড়োৰ শ্লোগান ডিভাইড মানি ৫০/৫০ বুলি উল্লেখ কৰি কোকৰাঝাৰলৈ যিমান পইচা আহে তাৰে আধা তেওঁ ল'ব আৰু আধা দিছপুৰক দিব বা বিজেপিক দিব বুলি মন্তব্য কৰিছিল ৷

তদুপৰি এসময়ত ছাত্ৰ নেতা হৈ থকা অৱস্থাত ডিভাইড আছাম ৫০/৫০ বুলি কোৱাৰ লগতে বড়োলেণ্ড লাগে বুলি শ্লোগান দি আন্দোলন কৰা সেই একেজন মানুহে ক্ষমতা পোৱাৰ পিছত ডিভাইড আছাম ৫০/৫০ বাদ দি ডিভাইড মানি ৫০/৫০ কৰিলে বুলি কটাক্ষ কৰে। এই মন্তব্যৰ পাছতেই ভূপেন বৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠে ইউপিপিএল দল।

ভূপেন বৰাক উভতি ধৰিলে ইউপিপিএলৰ সাধাৰণ সম্পাদক মাধৱ ছেত্ৰীয়ে...
বঢ়মপুৰ উপ-জিলা ঘোষণা কৰাত কামপুৰত আবতৰীয়া দীপাৱলী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in