বঢ়মপুৰ উপ-জিলা ঘোষণা কৰাত কামপুৰত আবতৰীয়া দীপাৱলী

বঢ়মপুৰ উপ-জিলা ঘোষণা কৰাত কামপুৰত আবতৰীয়া দীপাৱলী

ডিজিটেল সংবাদ, কামপুৰঃ শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ১০০ সংখ্যক কেবিনেট বৈঠকত ৮১খন উপ-জিলা গঠন কৰাৰ কথা ঘোষণা কৰে। এই ঘোষণা মৰ্মে বঢ়মপুৰকো উপ-জিলা কৰাৰ কথা অৱগত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ পাছতেই শুকুৰবাৰৰ সন্ধিয়া বঢ়মপুৰ সমষ্টিৰ কামপুৰত কামপুৰীয়া ৰাইজৰ লগতে বিজেপি কৰ্মীসকলে ফটকা ফুটাই আনন্দ উল্লাহ কৰা পৰিলক্ষিত হয়। বিজেপি কৰ্মীসকলে মুখ্যমন্ত্ৰী ড০ হিমন্তু বিশ্ব শৰ্মা জিন্দাবাদ, বিধায়ক জিতু গোস্বামী জিন্দাবাদ ধ্বনি দিয়ে আনন্দ উল্লাহ কৰে। কামপুৰত এক প্ৰকাৰ আবতৰীয়া দীপাৱলী উদযাপন কৰে স্থানীয় ৰাইজে।

এই উল্লাহত ৰাজ্যিক বিজেপিৰ কাৰ্যনিবাহক সদস্য বাবুল বৰা, কামপুৰ পৌৰসভাৰ উপ-সভাপতি জয়ন্ত ফুকন, সমাজকৰ্মী মাধৱ লস্কৰ আদিকো দেখা যায়।

বঢ়মপুৰ উপ-জিলা ঘোষণা কৰাত কামপুৰত আবতৰীয়া দীপাৱলী
গুৱাহাটীত ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ আঞ্চলিক পর্যালোচনা বৈঠক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in