/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/e875db6d-5e26-4112-9a20-e62dd357924c/uppl_10.jpg)
ইউপিপিএলৰ কোকৰাঝাৰ জিলা সমিতিৰ তৃতীয় বাৰ্ষিক অধিবেশন...
ডিজিটেল সংবাদ কোকৰাঝাৰঃ ইউনাইটেড পিপুলচ্ পাৰ্টি লিবাৰেল অৰ্থাৎ ইউ পি পি এল দলৰ কোকৰাঝাৰ জিলা সমিতিৰ ত্ৰিবাৰ্ষিক অধিবেশন কাইলৈ এদিনীয়া কাৰ্যসূচীৰে সদৰ চহৰৰ নাতিদূৰৈৰ গৌৰাং নৈৰ পাৰৰ ড° আম্বেদকাৰ ভৱনৰ খেলপথাৰত অনুষ্ঠিত হ'ব ।কাৰ্যসূচী অনুসৰি ৰাতিপুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰে শুভৰাম্ভ কৰিব জিলা সমিতিৰ সভাপতি লৰেন্স ইছলাৰীয়ে ৷
ইয়াৰ পাছতে স্মৃতি তৰ্পন কৰিব ইউ পি পি এল দলৰ ৰাজনৈতিক উপদেষ্টা ড° বেৰ্লাও কুমাৰ কাৰ্জীয়ে ৷ ৰাতিপুৱা ৯:০০ বজাৰ পৰা প্ৰতিনিধি সভা আৰম্ভ হ'ব ৷ প্ৰতিনিধি সভা উদ্বোধন কৰিব ৰাজ্য সভাৰ সাংসদ ৰৌণগৗৰা নাৰ্জাৰীয়ে ৷
বিয়লি তিনি বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত দলৰ কেন্দ্ৰীয় সভাপতি তথা বি টি চিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ইউপিপিএল দলৰ কোকৰাঝাৰ জিলা সমিতিৰ ত্ৰিবাৰ্ষিক অধিবেশনত সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে জিলা সভাপতি তথা বিধায়ক লৰেন্স ইছলাৰীয়ে ৷