পাঠশালা আৰক্ষী চকীক থানালৈ উন্নীতকৰণ

উপস্থিত ৰাইজে,নিশ্চিতভাবে আজিৰ পৰা বজালীৰ আৰক্ষী প্ৰশাসনত পাঠশালা থানা স্থাপনৰ পিছত নতুন দিশৰ সূচনা হয় বুলি মন্তব্য কৰে।

author-image
Asomiya Pratidin
New Update
পাঠশালা আৰক্ষী চকীক থানালৈ উন্নীতকৰণ

ডিজিটেল সংবাদ,পাঠশালাঃ পাঠশালা আৰক্ষী চকী আজিৰ পৰা উন্নীত হ'ল আৰক্ষী থানালৈ। বুধবাৰে আনুষ্ঠানিকভাৱে পাঠশালা থানাৰ উদ্বোধন কৰা হয় আৰু উদ্বোধন কৰে পশ্চিম সংমণ্ডলৰ মহা পৰিদৰ্শক দিলীপ কুমাৰ দে ।

Advertisment

থানাখন উদ্বোধন কৰি শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে ঘোষণা কৰি কয় 'পাঠশালাৰ পিছতে বজালীৰ ভবানীপুৰ, সৰুপেটা আৰু বাঘমাৰাক থানালৈ উন্নীত কৰা হ'ব আৰু বজালীত সৰ্বমুঠ ৫খন থানা থাকিব । আজিৰ পূৰ্বে বজালীত পাটাছাৰকুছিত মাথোঁ এখন থানা আছিল।'

আজিৰ পাঠশালা থানা মুকলি অনুষ্ঠানৰ সংহতি ৰাখি এখন সাধাৰণ সভাও অনুষ্ঠিত কৰা হয় বুলি জানিবলৈ দিয়ে। বিশিষ্ট সাহিত্যিক পেঞ্চনাৰ মুনিন্দ্ৰ নাৰায়ণ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ কুমাৰ বুঢ়াগোহাই, বজালীৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদী সমন্বিতে বজালীৰ কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উপস্থিত ৰাইজে,নিশ্চিতভাবে আজিৰ পৰা বজালীৰ আৰক্ষী প্ৰশাসনত পাঠশালা থানা স্থাপনৰ পিছত নতুন দিশৰ সূচনা হয় বুলি মন্তব্য কৰে।

Also Read: নগাঁও অসামৰিক চিকিৎসালয়লৈ চিকিৎসা সামগ্ৰী প্ৰদান চি আৰ পি এফৰ...

Assam police