নগাঁও অসামৰিক চিকিৎসালয়লৈ চিকিৎসা সামগ্ৰী প্ৰদান চি আৰ পি এফৰ...

নগাঁৱৰ কাটিমাৰী স্থিত ৩৪ নং চি আৰ পি এফ বেটেলিয়নৰ তৰফৰ পৰা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ আগবঢ়ায় বিভিন্ন সামগ্ৰী

author-image
Asomiya Pratidin
New Update
নগাঁও অসামৰিক চিকিৎসালয়লৈ চিকিৎসা সামগ্ৰী প্ৰদান চি আৰ পি এফৰ...

ডিজিটেল সংবাদ, নগাঁও: বুধবাৰে নগাঁৱৰ কাটিমাৰী স্থিত ৩৪ নং চি আৰ পি এফ বেটেলিয়নৰ তৰফৰ পৰা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ চিকিৎসা সামগ্ৰী প্ৰদান কৰে৷ চিকিৎসা সেৱাৰ বাবে প্ৰয়োজনীয় হুইল চেয়াৰ, ষ্ট্ৰেচাৰ, ৰক্তচাপ জোখা মেচীনকে ধৰি কেইবাবিধো প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰে চি আৰ পি এফে ৷

Advertisment

এই সামগ্ৰী প্ৰদানৰ কাৰ্যসূচী উপলক্ষে অসামৰিক চিকিৎসালয় খনত অনুষ্ঠিত হয় এক বিশেষ কাৰ্যসূচী ৷ দেশ সেৱাৰ সমানে সমানে মানৱ সেৱাৰ অৰ্থে ৩৪ নং চি আৰ পি এফ বেটেলিয়নে গ্ৰহণ কৰা এই পদক্ষেপৰ সলাগ ল’লে অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই ৷

আনহাতে চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহৃত প্ৰয়োজনীয় সামগ্ৰী সমূহ আগবঢ়াই সন্তুষ্টি প্ৰকাশ কৰিলে ৩৪ নং চি আৰ পি এফ বেটেলিয়ন কৰ্তৃপক্ষই। বুধবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে ৩৪ নং চি আৰ পি এফ বেটেলিয়নৰ দ্বিতীয় অধিনায়ক আৰ কে শ্ৰীবাস্তৱকে প্ৰমূখ্য কৰি চি আৰ পি এফৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰী। তদুপৰি অনুষ্ঠানত নগাঁও যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা° অৰূপ জ্যোতি মহন্ত, ডা° ভূপেন বৰাকে আদি কৰি কেইবাগৰাকীও স্বাস্থ্য কৰ্মী।

Also Read: প্ৰসংগ, দেশৰ অন্ন আঁচনি : অনাহাৰত মৃত্যু হৈছেনে ?

assam health and family welfare