হায়দৰাবাদত ঢকুৱাখনাৰ যুৱকৰ অকাল বিয়োগ

হায়দৰাবাদত ঢকুৱাখনাৰ যুৱকৰ অকাল বিয়োগ
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা : কৰ্মসংস্থান আৰু জীৱন জীৱিকাৰ তাড়নাত বৰ্হি ৰাজ্যলৈ গৈ বিগত এটা যুগ ধৰি নিৰন্তৰ শ্ৰম কৰি পৰিয়াল পোহপাল দি অহা ঢকুৱাখনাৰ এগৰাকী কৰ্মঠ যুৱকে অকালতে প্ৰাণ হেৰুৱাব লগা হ'ল কৰ্মভূমিত। যুৱকজনৰ নাম দিগন্ত কোচ ।

ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত জীয়ামৰিয়া গাঁৱৰ প্ৰয়াত মিনাৰাম কোচ আৰু ৰেণু কোচৰ প্ৰায় ৩২ বছৰীয়া পুত্ৰ আছিল দিগন্ত। আৰ্থিক দুৰৱস্থাৰ বাবে আধাতে শিক্ষা সাং কৰি পৰিয়াল পোহপালৰ বাবে  ঘৰৰ পৰা ওলাই গৈছিল তেলেংগনা ৰাজ্যৰ হায়দৰাবাদলৈ।

হায়দৰাবাদৰ ছিদ্দিক নগৰ হাইটেক চিটিত শ্ৰমিক হিচাবে যোৱা ২০১১ চনৰে পৰা নিযুক্ত হৈ  নিষ্ঠাৰে কাম কৰি যোৱা মিষ্টভাষী যুৱকজনৰ বুধবাৰে নিশা প্ৰায় ৭ বজাত মৰ্মান্তিক বিয়োগ ঘটে। জানিব পৰা মতে যোৱা দেওবাৰে পুৱাৰ পৰা কৰ্তব্য থকাৰ বাবে পুৱতি নিশা প্ৰায় ৩-১৫ বজাত এখন বাইক লৈ ৰুমৰ পৰা ওলাই যাওঁতে অকস্মাত পথৰ ওপৰত থকা এটা পথ বিভাজকত খুন্দা মাৰি এজোপা গছত বাগৰি পৰে ।

ইয়াৰ পিচত সহকর্মীসকলে খবৰ পাই যুৱকজনক প্ৰায় মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি ক্ষীপ্ৰতাৰে চিকিৎসালয়ত ভৰ্তি কৰায়। প্ৰায় ৪ দিন চিকিৎসালয়ত নিৰন্তৰ জীৱন মৃত্যুৰে যুঁজাৰ  পাছত অমায়িক যুৱকজনে বুধবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে।

ইপিনে এগৰাকী সহকৰ্মীৰ এনে গুৰুতৰ পথ দুৰ্ঘটনাত পতিত হোৱাৰ পাছত নিজৰ সঞ্চিত টকা সংগ্ৰহ কৰি সতীৰ্থসকলে পাৰ্যমানে চিকিৎসা সেৱা আগবঢ়ায়ো জীৱন ৰক্ষা কৰিবলৈ সক্ষম নহৈ শোকত ম্ৰিয়মান হৈ পৰে। ইতিমধ্যে সকলোবোৰ সহকৰ্মীৰ পুঁজি শেষ হোৱাত এতিয়া যুৱকজনৰ মৃতদেহ স্বগৃহলৈ অনাত ব্যাপক আৰ্থিক সমস্যাই দেখা দিছে। দৰিদ্ৰ পৰিয়ালটোৰ লগতে সতীৰ্থ সকলৰ মাজত ।

যুৱকজনৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহৰ অন্তিম সৎকাৰ কৰিবলৈ স্বগৃহলৈ আনিবলৈ দেখা দিয়া এনে আৰ্থিক সমস্যা দূৰীকৰণৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে সহকৰ্মী সকলে শুভাকাংক্ষী ৰাইজৰ পৰা আৰ্থিক সহযোগিতা কামনা কৰিছে । শোকাহত পৰিয়ালে যুৱকজনৰ এছ বি আইৰ একাউণ্ট  নম্বৰ 32331930374 ( আই এফ এছ চি -এছ বি আই এন 0010760)যোগে যথাসাধ্য আৰ্থিক সহায় আগবঢ়োৱাৰ বাবে আহ্বান জনায়।

লগতে পৰিয়ালৰ লোকে বিধায়ক নৱ দলে আৰু সাংসদ  প্ৰদান বৰুৱাৰ হস্তক্ষেপ আৰু আৰ্থিক সহযোগিতা আশা প্ৰকাশ কৰিছে। ইপিনে সৰলমনা যুৱকজনৰ অকাল বিয়োগত গভীৰ শোকৰ ছাঁ পৰিছে ঢকুৱাখনাত ।

পত্নী ৰূপালী কোচসহ অজস্ৰ ইষ্ট কুটুম্বক ইস সংসাৰত এৰি যোৱা যুৱকজনৰ আকস্মিক বিয়োগৰ খবৰ পাই গুণমুগ্ধৰ সোঁত বৈছে যুৱকজনৰ বাসগৃহলৈ ।

হায়দৰাবাদত ঢকুৱাখনাৰ যুৱকৰ অকাল বিয়োগ
তাণ্ডৱ সৃষ্টিকাৰী বান্দৰ ধৰিবলৈ ২১ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in