বটদ্ৰৱাত ছাত্ৰৰ অকাল মৃত্যু

নগাঁও জিলাৰ বটদ্ৰৱা বৰভেটি গাঁৱৰ যুৱক দেৱজিৎ বৰুৱাৰ যোৱা নিশা ২.২৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বিয়োগ হয়।

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত ছাত্ৰৰ অকাল মৃত্যু

দেৱজিৎ বৰুৱা

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱা বৰভেটি গাঁৱৰ যুৱক দেৱজিৎ বৰুৱাৰ যোৱা নিশা ২.২৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বিয়োগ হয়। ২৪ বছৰীয়া দেৱজিৎ বৰুৱা বিগত কিছুদিন ধৰি তেজৰ এক জটিল ৰোগত আক্ৰান্ত হৈ নগাঁও, গুৱাহাটীৰ বিভিন্ন ঠাইত চিকিৎসা গ্ৰহণ কৰি আছিল।

Advertisment

দেৱজিৎ বৰুৱাই ১৯৯৮ চনৰ ২৮ মাৰ্চত জন্মগ্ৰহন কৰি বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষা সমাপ্ত কৰি পৰবৰ্তী কালত নগাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। অমায়িক, শান্ত প্ৰকৃতিৰ, মেধা ছাত্ৰজনৰ আকাল বিয়োগত বটদ্ৰৱাত শোকৰ ছাঁ পৰিছে।

বুধবাৰে পুৱা তেওঁৰ মৃতদেহ নিজ বাসগৃহলৈ অনাৰ পাছত এক শোকাকুল পৰিবেশ সৃষ্টি হয়। মৃত্যুৰ সময়ত দেৱজিৎ বৰুৱাই পিতৃ মাতৃ, ভাতৃ সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

আৰু পঢ়ক : তীব্ৰবেগী ডাম্পাৰে খুন্দিয়ালে স্কুটীঃ থিতাতে নিহত বায়েক, আহত ভনীয়েক...

Batadrawa