''বিজেপিৰ হাতত আছে মাত্ৰ ৬ মাহ, ইতিমধ্যে স্বীকাৰ কৰিছে পৰাজয়''

কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু ৬ মাহ চলিব। কিয়নো ২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন

author-image
Asomiya Pratidin
New Update
''বিজেপিৰ হাতত আছে মাত্ৰ ৬ মাহ, ইতিমধ্যে স্বীকাৰ কৰিছে পৰাজয়''

ডিজিটেল ডেস্কঃ কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু ৬ মাহ চলিব। কিয়নো ২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন- এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।

Advertisment

৮ জুলাইত পশ্চিমবংগত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে জলপাইগুৰিত মঙলবাৰে এক ৰেলী সম্বোধন কৰিছিল মমতা বেনাৰ্জীয়ে। সেই সময়তে তেওঁ এই মন্তব্য কৰে। তেওঁ কয় যে, অহা বছৰৰ আৰাম্ভণিতে অনুষ্ঠিত হব লোকসভা নিৰ্বাচন। গতিকে বিজেপিয়ে আৰু ৬ মাহে শাসন কৰিব পাৰিব। ইতিমধ্যে বিজেপিয়ে পৰাজয়ৰ কথা বুলি পাই বিভিন্ন পদক্ষেপ লৈ আছে।

বিএছএফ জোৱানক সমালোচনা কৰি তেওঁ কয় যে বিএছএফে নিৰপেক্ষভাৱে কাম কৰিব লাগিব কিয়নো বিজেপি কাইলৈ শাসনত নাথাকিব পাৰে। বেনাৰ্জীৰ মতে সীমান্ত সুৰক্ষা বাহিনী অৰ্থাৎ বিএছএফৰ একাংশ জোৱানে বিজেপিৰ হৈ কাম কৰে। সীমান্তৱৰ্তী অঞ্চলৰ ভোটাৰসকলক ভয় খুৱাওৱাৰ অভিযোগ উত্থাপন কৰে এই জোৱান সকলৰ বিৰুদ্ধে।

সংখ্যালঘূ সকলৰ মাজত বিজেপ যোৱাকলৈ বেনাৰ্জীয়ে কয় যে, যিসকলৰ বিৰুদ্ধে সংখ্যালঘু আৰু দলিতক হত্যা কৰাৰ অভিযোগ আছে তেওঁলোকে এতিয়া সংখ্যালঘু লোকসকলৰ সৈতে ফটো শ্বেয়াৰ কৰি আছে।

"তেওঁলোকে এতিয়া মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ সৈতে ফটো শ্বেয়াৰ কৰি দেখুৱাইছে যে কিমান চিন্তা কৰে তেওঁলোকৰ বিষয়ে। যিসকল মুছলমান অধিক ধনী , যি সকলে দৰিদ্ৰসকলৰ বিষয়ে চিন্তা নকৰে, তেওঁলোকক বিজেপিয়ে ব্যৱহাৰ কৰি আছ। তেওঁ কয় যে সংখ্যালঘুসকল সুৰক্ষিত আৰু দিদি থকালৈকে সুৰক্ষিত বুলি তেওঁ কয়।

Also Read: এতিয়াৰ পৰা কাম নকৰিলে দৰমহা লাভ নকৰে চৰকাৰী কৰ্মচাৰীয়ে!

Mamta banarjee bjp