কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী এইচ. ডি কুমাৰাস্বামীৰ বোকাজান চিমেণ্ট ফেক্টৰী পৰিদৰ্শন

কেবাটাও আঁচনিৰ আধাৰশিলা স্থাপন আৰু উন্মোচন

author-image
Asomiya Pratidin
New Update
কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী এইচ. ডি কুমাৰাস্বামীৰ বোকাজান চিমেণ্ট ফেক্টৰী পৰিদৰ্শন

ডিজিটেল সংবাদ, বোকাজান : কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী এইচ.ডি.কুমাৰাস্বামীয়ে শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে বোকাজানত উপস্থিত হয় ৷ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজহুৱা খণ্ডৰ একমাত্ৰ চিমেণ্ট উদ্যোগ বোকাজান চিমেণ্ট ফেক্টৰী পৰিদৰ্শনৰ উদ্দেশ্যেৰে বোকাজানত উপস্থিত হোৱা কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে প্ৰথমেই বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰে ৷

Advertisment

ইয়াৰ পাছতেই তেওঁ বোকাজান চিমেণ্ট ফেক্টৰীত ইন্ধন ব্যৱহাৰৰ মাত্ৰা হ্ৰাস কৰিবৰ বাবে স্থাপন কৰা Hot Air Duck ৰ শুভ উদ্বোধন কৰে ৷ ইয়াৰ পাছতেই তেওঁ চিমেণ্ট ফেক্টৰীৰ আবাসিক কলনিত নিৰ্মাণ কৰিবলৈ লোৱা এক মেগাৱট ক্ষমতাসম্পন্ন সৌৰশক্তি আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আবাসিক অঞ্চলৰ এলেকাত গছপুলি ৰোপন কাৰ্যসূচীত গ্ৰহণ কৰে ৷

আনহাতে মন্ত্ৰী গৰাকীয়ে চিমেণ্ট ফেক্টৰীৰ আলোচনা কক্ষত ফেক্টৰীৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলৰ লগত মত বিনিময় কৰে ৷ মন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীত সংগ দিয়ে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃনোমল মমিন ,কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাং,সাংসদ অমৰচিং তিছ’ প্ৰমুখ্যে প্ৰশাসনৰ কেবাগৰাকীও উচ্চপদস্থ বিষয়াই ৷

গুৰু উদ্যোগ গৰাকীয়ে সংবাদ মাধ্যমৰ লগত মত বিনিময় কৰি কয় যে অতি সোনকালেই উত্তৰ পূৰ্বাঞ্চলৰ এই চিমেণ্ট উদ্যোগটিৰ বাবে এক ভালখবৰ বোকাজানবাসীয়ে লাভ কৰিব বুলি উল্লেখ কৰে ৷

Also Read: মায়ঙৰ বহা সাতকাবৰীত অনাকাঙ্খিত ঘটনা : চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ

bokajan Cement Factory H. D Kumaraswamy