কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ : বিয়লি গুৱাহাটীত কেইবাটাও কাৰ্য্যসূচীত ভাগ ল'ব শ্বাহে

শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত বীৰ লাচিত বৰফুকনৰ জীৱনী গ্ৰন্থ উন্মোচন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে

author-image
Asomiya Pratidin
New Update
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ : বিয়লি গুৱাহাটীত কেইবাটাও কাৰ্য্যসূচীত ভাগ ল'ব শ্বাহে

ডিজিটেল ডেস্ক : দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই ভ্ৰমণসূচীৰ আজি দ্বিতীয়টো দিন। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শনিবাৰে পুৱাৰভাগত তেজপুৰৰ গৰৈমাৰীৰ এছ এছ বিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীত ভাগ ল'ব।

Advertisment
  Picasa
Picasa

এই কাৰ্য্যসূচীৰ পাছতে ঢেকীয়াজুলিৰ বাথৌ মহাসভাৰ কাৰ্য্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে অংশ ল'ব। শোণিতপুৰ জিলাৰ কাৰ্য্যসূচী সামৰি বিয়লি গুৱাহাটী অভিমুখে যাত্ৰা কৰিব অমিত শ্বাহে।

গুৱাহাটীত তেওঁৰ আছে কেইবাটাও কাৰ্য্যসূচী। ইয়াৰ ভিতৰত অসম আৰক্ষীৰ দীক্ষান্ত সমাৰোহত ভাগ ল'ব। সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব লগা দীক্ষান্ত সমাৰোহৰ পেৰেডত ২হাজাৰ ৫শ ৫১গৰাকী আৰক্ষীয়ে কৰ্তব্য আৰু দায়িত্বৰ শপত গ্ৰহণ কৰিব।

ইয়াৰ পিছতে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত বীৰ লাচিত বৰফুকনৰ জীৱনী গ্ৰন্থ উন্মোচন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে। আনহাতে সন্ধিয়া ৬-০০ বজাত পাণবজাৰত ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্যবৰ্ধন উদ্য়ান মুকলি কৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমণৰ বাবে গুৱাহাটী মহানগৰীৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। যান-বাহন চলাচল পথতো সাল-সলনি কৰা হৈছে।

উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ কাৰ্য্যসূচীৰ প্ৰথম দিনটোত তেজপুৰৰ মহাভৈৰৱ মন্দিৰত 'স্বচ্চ তীৰ্থ' অভিযানত অংশ লৈছিল। লগতে ঐতিহাসিক মন্দিৰটোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সেৱাও আগবঢ়াইছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

Also Read: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক আটক

amit shah himanta biswa sarma