তৈল নগৰীত দুৰ্বৃত্তৰ তাণ্ডৱ ! কাৰণ নোহোৱাকৈ পথৰ বাহনসমূহ কৰিলে ধ্বংস...

তৈল নগৰীত দুৰ্বৃত্তৰ তাণ্ডৱ  ! কাৰণ নোহোৱাকৈ পথৰ বাহনসমূহ কৰিলে ধ্বংস...
তৈল নগৰীত দুৰ্বৃত্তৰ তাণ্ডৱ ! কাৰণ নোহোৱাকৈ পথৰ বাহনসমূহ কৰিলে ধ্বংস...

ডিজিটেল ডেস্কঃ ডিগবৈত অচিনাক্ত দুৰ্বৃত্তৰ অতপালি। কোনো কথা নোহোৱাকৈয়ে ক্ষতিগ্ৰস্ত কৰিলে কেইবাখনো বাহন। তৈলনগৰী ডিগবৈত সংঘটিত হোৱা এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

চি চি কেমেৰাত বন্দীহোৱা দৃশ্য অনুসৰি ৪ জন যুৱকে ডিগবৈৰ আনন্দপাৰা অঞ্চলৰ পৰা আৰম্ভ কৰি টুপুলা বস্তিলৈ বিভিন্ন স্থানত ৰখাই থোৱা গাড়ীত শিলেৰে আক্ৰমণ কৰি ধ্বংস কৰাত নামিছে।

এই সন্দৰ্ভত এজন স্থানীয় লোকে সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি ৰাতিপুৱা যেতিয়া বিচনাৰ পৰা উঠি বাহৰলৈ আহে তেতিয়া তেওঁ গাড়ীবোৰৰ গ্লাছবোৰ ভাঙি থোৱা দেখা পাইছিল। পথৰ কাষত থকা কেইবাখনো বাহনৰ এইদৰে ক্ষতি কৰা অৱস্থাত পোৱা গৈছে।

আনহাতে নিশা এই দুৰ্বৃত্তৰ দলে মানুহৰ ঘৰলৈ লক্ষ্য কৰিও শিল দলিওৱা বুলি জানিব পৰা গৈছে। ডিগবৈ আৰক্ষীয়ে চি চি কেমেৰাত আৱদ্ধ হোৱা দৃশ্য সংগ্ৰহ কৰি এই দুৰ্বৃত্তৰ দলটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে।

তৈল নগৰীত দুৰ্বৃত্তৰ তাণ্ডৱ  ! কাৰণ নোহোৱাকৈ পথৰ বাহনসমূহ কৰিলে ধ্বংস...
১০ বছৰৰ মূৰত পালে ন্যায়, হত্যাকাৰীক যাৱজ্জীৱন জে'ললৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in