কলিয়াবৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ

কলিয়াবৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
ড্রাগছ আসক্ত যুৱকে কাঢ়ি নিলে মহিলাৰ বেগ

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ চাৰি নং বৰঘুলিত উদ্ধাৰ হৈছে এটি অচিনাক্ত মৃতদেহ। মঙলবাৰে শিলঘাট ধিং মাথাউৰিৰ কাষত এডৰা মৰাপাট খেতিৰ মাজত উদ্ধাৰ হৈছে এই মৃতদেহটি ।

Advertisment

জানিব পৰা মতে, উদ্ধাৰ হোৱা মৃতদেহটো প্ৰায় ৪৫-৫০বছৰীয়া পুৰুষৰ। উৱলি যোৱা অৱস্থালৈ চাই কেইবাদিনৰ পূৰ্বে মানুহজনৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে। উক্ত লোকজনক কোনোবাই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় একাংশ ৰাইজৰ।

স্থানীয় চুলোং আৰক্ষী আৰু কলিয়াবৰ মহকুমা দণ্ডাধীশ ঘটনাস্থলিত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তৰ পাছতহে অচিনাক্ত লোকজনৰ মৃত্যুৰ ৰহস্য সন্দৰ্ভত অধিক তথ্য পোৱা যাব।

Also Read: গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা সমষ্টি বিলুপ্তিকলৈ কংগ্ৰেছৰ প্ৰতিবাদ

kaliabor Assam police