গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা সমষ্টি বিলুপ্তিকলৈ কংগ্ৰেছৰ প্ৰতিবাদ

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা সমষ্টি বিলুপ্তিকলৈ কংগ্ৰেছৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,বটদ্ৰৱা : ৰাজ্যত সমষ্টি পুনঃ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পাইছে। সমষ্টিৰ পুনঃ নিৰ্ধাৰণক লৈ ৰাজ্যত চলি আছে ক্ৰিয়া-প্ৰতিক্ৰিয়া। এনে পৰিৱেশৰ মাজতে মঙলবাৰে বটদ্ৰৱা সমষ্টি বিলুপ্তিকলৈ সৃষ্টি হৈছে প্ৰতিবাদ।

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সন্মুখত কংগ্ৰেছে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। চৰকাৰী বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল হৈ পৰে বটদ্ৰৱা থান চৌহদ। কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰাৰ উপস্থিতিত অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে শাসনাধিষ্ঠ বিজেপি চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ক্ষোভ উজাৰে।

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা সমষ্টি বিলুপ্তিকলৈ কংগ্ৰেছৰ প্ৰতিবাদ
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিতাবৰ আঞ্চলিক সমিতিৰ গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in