ওদালগুৰিত উৱলি যোৱা অচিনাক্ত মৃতদেহ উদ্ধাৰ

ওদালগুৰিত উৱলি যোৱা অচিনাক্ত মৃতদেহ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
লাহৰীঘাটত ৫ টাকৈ ঘৰ ভস্মীভূতঃ ফায়াৰ বিগ্ৰেডলৈ শিল নিক্ষেপ...

ডিজিটেল সংবাদ, ওদালগুৰিঃ দেওবাৰে ওদালগুৰি চহৰৰ ৫ নম্বৰ ৱাৰ্ডৰ শংকৰ নগৰত প্ৰত্যক্ষ কৰা হয় এটি উৱলি যোৱা অচিনাক্ত মৃতদেহ। ওদালগুৰি চহৰৰ ৫ নম্বৰ ৱাৰ্ডস্থিত গলন্দিহাবি সমৱায়ৰ সন্মুখত থকা এটি পৰিত্যক্ত কুৱাত প্ৰত্যক্ষ কৰা হয় উৱলি যোৱা মৃতদেহটো।

Advertisment

আজি দিনৰ ভাগৰে পৰা কুৱাটোৰ ওচৰত থকা স্থানীয় লোকে দুৰ্গন্ধ অনুভৱ কৰে। প্ৰথম অৱস্থাত স্থানীয় লোকে কুকুৰ অথবা জীৱ-জন্তু মৰি উৱলি যোৱাৰ ফলত দুৰ্গন্ধ হোৱা বুলি ভাবিছিল। কিন্তু পৰৱৰ্তী সময়ত কোনোৱে কুৱাটোৰ ভিতৰত প্ৰত্যক্ষ কৰাত এটি উৱলি যোৱা অৱস্থাত মানুহৰ মৃতদেহ এটা প্ৰত্যক্ষ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীক স্থানীয় লোকে খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰৰ যো জা চলাইছে। সন্ধিয়া বাতৰি লিখা পৰলৈ মৃতদেহটো উদ্ধাৰ কৰা হোৱা নাই যদিও মৃতদেহটো চাই পুৰুষৰ যেন অনুমান কৰা হৈছে। কিন্তু আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পাছতহে সকলো দিশ পোহৰলৈ আহিব।

Also Read: মুখ্যমন্ত্ৰীয়ে পদত্যাগ নকৰা পৰ্যন্ত মণিপুৰলৈ শান্তি ঘূৰি নাহেঃ কংগ্ৰেছ

Assam police