মুখ্যমন্ত্ৰীৰ সহায় বিচাৰি এগৰাকী দুৰ্ভগীয়া মাতৃৰ কাতৰ আহ্বানঃ জটিল ৰোগত আক্ৰান্ত কন্যা

কোনো সদাশয় ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াব বিছাৰিলে CANARA BANK.A/C No- 4252108002599.IFSC code.CNRB0004252.জৰিয়তে দিবলৈ আহ্বান জনায়

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰীৰ সহায় বিচাৰি এগৰাকী দুৰ্ভগীয়া মাতৃৰ কাতৰ আহ্বানঃ জটিল ৰোগত আক্ৰান্ত কন্যা

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ সমীপৰ ডিপলোঙা চাহবাগিছাৰ এগৰাকী কনমানি ছাত্ৰী বিগত প্ৰায় ডেৰ বছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে ৷ বৰ্ষা ওৰাং নামৰ পিতৃহীনা কিশোৰীগৰাকীৰ মাতৃয়েএকমাত্ৰ আৰ্থিক দুৰ্বলতাৰ বাবেই নিজৰ কন্যা সন্তানৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা নাই বুলি জানিবলৈ দিয়ে ৷

এই ক্ষেত্ৰত ৰোগাক্ৰান্ত কিশোৰী গাৰকীৰ মাতৃয়ে ব্যাপক সমস্যাৰ সন্মুখীন হৈ বৰ্তমান ৰাইজৰ কাষ চাপি নিজৰ সন্তানৰ চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য ভিক্ষা কৰিছে ৷ ইয়াৰ বাবে কোনো সদশয় ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াব বিছাৰিলে CANARA BANK.A/C No- 4252108002599.IFSC code.CNRB0004252.জৰিয়তে দিবলৈ আহ্বান জনায় ৷

কিশোৰীগৰাকীৰ মাতৃ ও পৰিয়ালে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক দুৰ্ভগীয়া কনমানি কিশোৰী ছাত্ৰীগৰাকীৰ বাবে চিকিৎসা সাহাৰ্য্য ভিক্ষা বিচাৰি কাতৰ অনুৰোধ জনায় ৷

Also Read: বনবিভাগৰ অভিযানত জব্দ চোৰাং কাঠসহ গৰুগাড়ী

himanta biswa sarma