/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/097f3e1b-af2d-4bdb-8160-cddbbf6f34b3/z.jpg)
ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত দীৰ্ঘদিনৰ পৰা চলি চোৰাং কাঠৰ সৰবৰাহ। বনবিভাগৰ দ্বাৰা উচ্ছেদিত গাঁৱত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে বনাঞ্চল ধ্বংস কৰি চলাই আছে চোৰাং কাঠৰ সৰবৰাহ।
শুকুৰবাৰ নিশা চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা ৰেঞ্জৰ ৰিপু সংৰক্ষিত বনাঞ্চলত বনবিভাগৰ লোকে অভিযান চলাই চোৰাং কাঠভৰ্তি ৪খন গৰুগাড়ীসহ৩ টা গৰু জব্দ কৰে । চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলৰ গৰুৰ গাড়ীৰে চোৰাং কাঠ কঢ়িয়াই অনাৰ খবৰ লাভ কৰি বনবিভাগৰ লোকে ৩ নং ওদালগুৰী গাঁৱৰ ওচৰত অভিযান চলাই চোৰাং কাঠখিনি জব্দ কৰে ।
অৱশ্যে বনবিভাগৰ অভিযানৰ উমান পাই এন্ধাৰৰ সুযোগ লৈ চোৰাং কাঠ কঢ়িয়াই অনা দুষ্টচক্ৰটোই পলায়ন কৰে । বনবিভাগৰ জনোৱা অনুসৰি নিশা জব্দ কৰা চোৰাং কাঠ আৰু গৰু কেইটাৰ বজাৰ মূল্য প্ৰায় ৮ লক্ষাধিক টকা হ'ব বুলি উল্লেখ কৰে।