১৭ অনূৰ্ধ্ব সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত অপ্ৰতিৰোধ্য অসমৰ দল

১৭ অনূৰ্ধ্ব সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত অপ্ৰতিৰোধ্য অসমৰ দল

ডিজিটেল ডেস্ক : ১৭ অনূৰ্ধ্ব সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত অপ্ৰতিৰোধ্য হৈ পৰিছে অসমৰ শিক্ষাৰ্থী। ডিব্ৰুগড়ৰ অগ্ৰণী শিক্ষানুষ্ঠান খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কিশোৰীৰ দলটিয়ে দুৰন্ত গতিত আৰম্ভ কৰিছে যাত্ৰা। অলেখ আশা প্ৰত্যাশা বুকুত বান্ধি ১৬ ছেপ্তেম্বৰত দিল্লীলৈ ৰাওণা হৈছিল দলটি। তাৰ পাছৰে পৰাই অংশগ্ৰহণ কৰা দুয়োখন খেলতেই প্ৰতিপক্ষক বৃহৎ ব্যৱধানত ধৰাশায়ী কৰি চৰ্চালৈ আহিছে দলটো।

প্ৰথম বাৰৰ বাবে এক আন্তৰ্জাতিক আন্ত: বিদ্যালয় ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলটোৰ কোনো খেলুৱৈৰে মুখত দেখা নগ'ল শংকা। ইয়াৰ পৰিৱৰ্তে এক দৃঢ়তাৰে ২০ ছেপ্টেম্বৰত উৰিষ্যাৰ ছি বি এছ ছি দলক ৮-০ ৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বেও গুজৰাটৰ দলটিক ৩-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল দলটিয়ে।

উল্লেখ্য যে, ভাৰতত ফুটবলৰ অৱস্থা আজিকোপতি শোচনীয়া। পূৰ্বৰ মোহন বাগান, অসম আৰক্ষী, নাগালেণ্ড আদি দলৰ হ্ৰাস পাই অহা খ্যাতিৰ মাজতেই সৃষ্টি হোৱা জনপ্ৰিয় লীগ ফুটবল প্ৰতিযোগিতা আই এচ এলৰ পাছতহে ক্ৰমান্বয়ে বৃদ্ধি পাইছিল হেৰুৱা জনপ্ৰিয়তা। তাৰ পাছতো মহিলাৰ ফুটবল প্ৰতিযোগিতাই লাভ কৰা নাছিল আশানুৰূপ ফলাফল। ক্ৰিকেটৰ আধিপত্যৰ মাজত বাইছুং ভুটিয়া, সুনীল ছেত্ৰীৰ মাজতেই যেন সীমাবদ্ধ আছিল ভাৰতীয় ফুটবল। অসমৰো এলেন দেউৰী, দুৰ্গা বড়োৰ পাছত আন খেলুৱৈ সকলৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলাইছিল ৰাইজে। তাৰ মাজতেই খোৱাঙৰ কিশোৰী সকলৰ দলটিৰ এই পৰাক্ৰমে যেন পুনৰ উভতাই আনিলে ৰাজ্যখনত আশাৰ বতৰা।ফিফা বিশ্বকাপলৈ মাজত মাত্ৰ কেইটামান সপ্তাহ থকা অৱস্থাত অনূৰ্ধ্ব ১৭ সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাই অসমত কেৱল কিশোৰৰে নহয় বৰং কিশোৰীৰ বাবেও সৃষ্টি কৰক ফুটবলৰ এক উৎসাহজনক পৰিৱেশৰ।

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মুখ্য প্ৰশিক্ষক মঞ্জু চলিহা আৰু পৰিচালক মৃদুল হাজৰিকাৰ নেতৃত্ৱত যোৱা দলটোত অন্তৰ্ভূক্ত খেলুৱৈসকল হৈছে - অংকিতা বৰুৱা, মেৰী মেচ, চুনীয়া কোঁৱৰ, মুনমী গগৈ, মৌচুমী কোঁৱৰ, তৃষ্ণামণি গগৈ, নীতুমণি গগৈ, হিমাশ্ৰী গগৈ, তৰালি মিলি, প্ৰিয়াশ্ৰী চেতিয়া, মম্পী সোনোৱাল, নিহা চেতিয়া, ৰাজ্যশ্ৰী সোনোৱাল, জানমণি পাংগিং, দেৱযানী সোনোৱাল আৰু শিখাশ্ৰী সোনোৱাল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in