সংগীত নাটক একাডেমী বঁটা প্রাপক উমাকান্ত বৈৰাগী আৰু নাই...

সংগীত নাটক একাডেমী বঁটা প্রাপক উমাকান্ত বৈৰাগী আৰু নাই...

ডিজিটেল ডেস্কঃ টোকাৰী গীতৰ সম্রাট উমাকান্ত বৈৰাগীৰ দেহাৱসান।বুধবাৰে পুৱা ৭.১০ বজাত হেঙেৰাবাৰীৰ কাঞ্চন নগৰৰ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল উমাকান্ত বৈৰাগী।

 ১৯৪২ চনত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীয়ে সৰুৰ পৰাই ককাদেউতাকক দেখি টোকাৰী গীত আৰু দোতোৰাৰ প্ৰতি আকৃষ্ট হৈছিল। সংগীতৰ বাবেই তেওঁ প্ৰত্যাখ্যান কৰিছিল সৈনিকৰ চাকৰি। তেওঁৰ শিল্পী প্ৰতিভাৰ বাবে ১৯৬৯ চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই নিয়মীয়া শিল্পীৰূপে স্বীকৃতি দিছিল ৷

কেইবা দশক ধৰি টোকাৰী গীত গাই অসমীয়া লোক-সংকৃতিৰ ভৰাঁল চহকী কৰি থৈ গ'ল এই মহান শিল্পীগৰাকীয়ে।

সংগীত নাটক একাডেমী বঁটা প্রাপক আছিল শিল্পীগৰাকী। ১৯৪২ত ডিব্রুগড়ৰ খোৱাঙত জন্ম হৈছিল লোকসংস্কৃতিৰ সাধকগৰাকীৰ।

২০১৩-১৪ বৰ্ষত সংগীত নাটক একাডেমী সন্মানেৰে হৈছিল সন্মানিত হৈছিল বিশিষ্ট শিল্পীগৰাকী। লোকসংস্কৃতিৰ সাধকগৰাকীয়ে লাভ কৰিছিল প্রতিমা পাণ্ডে বঁটাও। ড০ ভূপেন হাজৰিকা সংহতি বঁটাও লাভ কৰিছিল উমাকান্ত বৈৰাগীয়ে। ১৯৭১ত ডিব্রুগড় অনাতাঁৰ কেন্দ্রই প্রদান কৰিছিল বৈৰাগী উপাধি।

এই মহান শিল্পীগৰাকীৰ মহান শিল্পীগৰাকীৰ মৃত্যুয়ে শোকৰ ছা পেলাইছে ৰাজ্যত।

সংগীত নাটক একাডেমী বঁটা প্রাপক উমাকান্ত বৈৰাগী আৰু নাই...
অভিযুক্ত গৰু চোৰক মৰিয়াই মৰিয়াই হত্যা, আটক ৫ জন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in