অভিযুক্ত গৰু চোৰক মৰিয়াই মৰিয়াই হত্যা, আটক ৫ জন...

অভিযুক্ত গৰু চোৰক মৰিয়াই মৰিয়াই হত্যা, আটক  ৫ জন...

ডিজিটেল ডেস্কঃ মৰিগাঁৱৰ ম’ৰেল পুলিচিঙৰ ঘটনাৰে জড়িত পাঁচগৰাকীক আটক কৰে আৰক্ষীয়ে।

গৰু চুৰিৰ সন্দেহত ৰাইজৰ প্রহাৰত মৃত্যু হৈছিল এজনলোকৰ। সোমবাৰে নিশা গৰু চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত কৰায়ত্ত হৈছিল ৩ টাকৈ চোৰ। লগতে পলায়ন কৰে আন দুটা চোৰে।

কলীয়া দাস নামৰ লোকজনৰ ঘৰত গৰু চুৰি কৰিবলৈ গৈছিল দলটো। ধৃত চোৰকেইটাক উত্তম-মধ্যম দি আৰক্ষীক গতাই দিছিল ৰাইজে। ইয়াৰে এজন চোৰৰ গণ প্ৰহাৰৰ ফলত মৃত্যু হৈছিল। নিহত অভিযুক্ত চোৰটোৰ নাম ছাদ্দাম হুছেইন। আনহাতে আহত চোৰ দুটা বিল্লাল আলী, মিজাৰুল হক।

গণপ্রহাৰত জড়িতই আৰক্ষীৰ ওপৰতো চলাইছিল আক্রমণ। আৰক্ষীৰ গাড়ীলৈ শিলগুটি নিক্ষেপ কৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল।

তাৰপাছতে এই ঘটনাৰে জড়িত ধৃত যোগেশ্বৰ দাস, বাবুলি দাস, অজিত দাস,কমলেশ্বৰ দাস আৰু ছত্রসিংহ দাসক আটক কৰে আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

অভিযুক্ত গৰু চোৰক মৰিয়াই মৰিয়াই হত্যা, আটক  ৫ জন...
নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশ দ্বাৰত  জাতীয় কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in