দিল্লীলৈ আলফাৰ নেতৃত্বঃ চলিত সপ্তাহতে শান্তি চুক্তি হ'ব সম্পন্ন !

দিল্লীলৈ আলফাৰ নেতৃত্বঃ চলিত সপ্তাহতে শান্তি চুক্তি হ'ব সম্পন্ন !
দিল্লীলৈ আলফাৰ নেতৃত্বঃ চলিত সপ্তাহতে শান্তি চুক্তি হ'ব সম্পন্ন !

ডিজিটেল ডেস্কঃ ডিচেম্বৰৰ আজি ২৫ তাৰিখ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে ঘোষণা কৰিছিল অনুসৰি চলিত বছৰতে অথবা লোকসভা নিৰ্বাচনৰ পূৰ্বে আলফা আৰু চৰকাৰৰ শান্তি চুক্তি সম্পন্ন হ'ব। কিন্তু খবৰ অনুসৰি আলফাৰে শান্তি চুক্তিৰ বাবে বৰ বেছি দীঘলীয়া দিন যে অপেক্ষা কৰিব নালাগে সেয়া প্ৰায় নিশ্চিত।

সকলো ঠিকেই থাকিলে ২০২৪ ৰ পূৰ্বেই আহিব পাৰে ভাল খবৰ। ৩১ ডিচেম্বৰত সম্পন্ন হৈ যাব পাৰে আলফা আৰু চৰকাৰৰ শান্তি চুক্তি। জানিব পৰা মতে আলোচনাপন্থী আলফাৰ নেতৃত্বৰ এটা দল ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে।

এই দলটোৱে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিতে দিল্লীত স্বাক্ষৰ কৰিব পাৰে শান্তি আলোচনাৰ চুক্তি। উল্লেখ্য ইতিমধ্যে আলোচনাপন্থী আলফাৰ দলটোৰ অন্তিমখন বৈঠক সম্পন্ন হৈ গৈছে।

এই বৈঠকতে আলফা নেতৃত্বই আলফা ত্যাগ কৰাৰ কথা ঘোষণা কৰাৰ লগতে ভৱিষ্যত পৰিকল্পনাৰ কথাও ঘোষণা কৰিছে। কেৱল অনুপ চেতিয়াক বাদ দি বাকীসকলো নেতাই আলফাৰ সৈতে ত্যাগ কৰিব সকলো সম্পৰ্ক।

জানিব পৰা মতে দিল্লীত সভাপতি অৰবিন্দ ৰাজখোৱা, সাধাৰণ সম্পাদক অনুপ চেতিয়া, বিত্ত সচিব চিত্ৰবন হাজৰিকা, বৈদেশিক শশধৰ চৌধুৰী, উপ-সেনাধ্যক্ষ ৰাজু বৰুৱা, প্ৰচাৰ সচিব মিথিংগা দৈমাৰী, প্ৰণতি ডেকা আদিয়ে এই চুক্তিত স্বাক্ষৰ কৰিব। অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত এই আলফাৰ দাবীসমূহ এৰা-ধৰাৰ মাজেৰে ৰূপায়িত কৰাৰ লগতে এই চুক্তিৰ জৰিয়তে এক বৃহৎ পৰিমাণৰ আৰ্থিক পেকেজো ঘোষণা হ'ব পাৰে।

দিল্লীলৈ আলফাৰ নেতৃত্বঃ চলিত সপ্তাহতে শান্তি চুক্তি হ'ব সম্পন্ন !
নাহৰকটীয়া বাগান গেটত দুৰ্ঘটনাঃ থিতাতে নিহত এজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in