আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী

আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী

author-image
Asomiya Pratidin
New Update
আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী

ডিজিটেল ডেস্কঃ আজি ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী ৷ আজিৰ দিনটোতে ২০২০ চনত ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল বিচক্ষণ ৰাজনীতিবিদ গৰাকীয়ে। আজি সমগ্ৰ ৰাজ্যতে কংগ্ৰেছে বিভিন্ন কাৰ্যসূচী ৰূপায়নেৰে স্মৰণ কৰিব ভূতপূৰ্ব মুখ্যমন্ত্ৰীজনক ৷

Advertisment

২০২০ চনৰ ২৫ আগষ্টত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। ক’ভিড-১৯ৰ পিছত হোৱা জটিলতাৰ সৈতে ৩ সপ্তাহ যুঁজ দিয়াৰ পিছত অৱশেষত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰিছিল অসমৰ ৰাজনীতিত ১৫ বছৰে মুখ্যমন্ত্ৰীৰ আসন শুৱনি অসমবাসীৰ প্ৰিয় নেতাগৰাকীয়ে।মৰণোত্তৰভাৱে তৰুণ গগৈলৈ আগবঢ়োৱা হৈছিল পদ্ম ভূষণ সন্মান ৷

তেখেতৰ মৃত্যুৱে অসমৰ ৰাজনীতিৰ ক্ষেত্ৰখনত এক অপূৰণীয় ক্ষতি কৰিছিল। খালী হৈ পৰিছিল কইনাধৰা পাহাৰ। কিয়নো ১৫টা গৌৰৱোজ্জ্বল বছৰে কইনাধৰা পাহাৰৰ এখন চিনাকি মুখ আছিল তৰুণ গগৈ। তেখেতৰ মৃত্যুত অসম চৰকাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সন্মানত তিনিদিনীয়াকৈ ৰাজ্যিক শোক ঘোষণা কৰিছিল।

tarun gogoi